Wednesday, September 16, 2026
Homeঅসমপূব চেঙা সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

পূব চেঙা সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

তফিকুৰ ৰহমান, সৰ্থেবাৰী, ১৬ ছেপ্টেম্বৰঃ বৰপেটা জিলাৰ পূব চেঙা সমবায় সমিতিৰ ২০২৫-২৬ ইং বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন আজি চেঙা মুছলমান গাঁওস্থিত সমবায়খনৰ কাৰ্যালয় প্ৰাংগণত পুৱা ১০:৩০ বজাত অনুষ্ঠিত হয় । সমবায়খনৰ সভাপতি ইকৰাম হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সমবায়খনৰ সম্পাদক আব্দুল ওহাবে। সমবায়খনৰ সম্পাদক আব্দুল ওহাবে যোৱা বিত্তীয় বৰ্ষৰ সাধাৰণ সভাৰ কাৰ্য বিৱৰণী আৰু প্ৰতিবেদন পাঠ কৰাৰ পাছতেই অংশীদাৰ- ৰাইজে হাত-চাপৰিৰে অনুমোদন জনায় । আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ দ্বাৰা যুগুতোৱা সমবায় সমিতিখনৰ ২০২৫-২৬ ইং বৰ্ষৰ আয়-ব্যয়ৰ খতিয়ান দাখিল কৰা হয় সভাখনত। চৰকাৰীভাৱে যুগুতোৱা ২০২৫-২৬ ইং বৰ্ষৰ আয়-ব্যয়ৰ খতিয়ানৰ প্ৰতিবেদন সমবায়খনৰ সম্পাদক আব্দুল ওহাবে পাঠ কৰাৰ পাছত সদনে সৰ্বসন্মতভাবে অনুমোদন জনায়। সভাখনত চলিত ইংৰাজী বৰ্ষৰ সাম্ভাব্য বাজেট গ্ৰহণ কৰাৰ লগতে ২০২৬-২৭ ইং বৰ্ষৰ বাবে সমবায় সমিতিখনৰ সৰ্বোচ্চ ঋণৰ সীমা এক কৌটি বিশ লাখ টকা নিৰ্ধাৰণ কৰা হয়।

২০২৬-২৭বৰ্ষৰ বাবে আজিৰ এই সাধাৰণ সভাখনতেই আভ্যন্তৰীণ হিচাপ পৰীক্ষক নিযুক্তি দিয়া হয়। আভ্যন্তৰীণ হিচাপ পৰীক্ষক কেইগৰাকী হৈছে – মুখ্য হিচাপ পৰীক্ষক আফাজুৰ ৰহমান (মাজদিয়া), হিচাপ পৰীক্ষক ক্ৰমে ৰফিক আলী(চেঙা), মকছেদ আলী (চেঙা) , মফিজুদ্দিন (চতলা) আৰু মৰ্তুজ আলী (খংৰা)। বৰপেটা জিলাৰ সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ জ্যেষ্ঠ পৰিদৰ্শক আজিজুৰ ৰহমানে পৰ্যবেক্ষক হিচাপে সাধাৰণ সভাখনত উপস্থিত থাকে। সমবায়খনৰ সম্পাদক আব্দুল ওহাবে সংবাদ মাধ্যমত কয় যে – “আজিৰ এই সাধাৰণ সভাত অংশীদাৰ ৰাইজৰ স্বতঃস্ফুত উপস্থিতিয়ে আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু আঞ্চলিক অংশীদাৰ ৰাইজৰ এই উপস্থিতিয়ে আগন্তুক দিনত আমাক আৰু অধিক কৰ্মপ্ৰেৰণা যোগাব।

৪৬২৩ জন অংশীদাৰ ৰাইজ থকা আমাৰ সমবায় সমিতিখনে নিয়মমতেই নিয়াৰিকৈ সমবায়ৰ কাম পৰিচালনা কৰাৰ বাবে আজিৰ এই সাধাৰণ সভাখনতেই আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। সমবায়খনৰ দ্ৰুত উন্নয়নত আমি সদায় গুৰুত্ব প্ৰদান কৰিম।” আজিৰ এই সভাখনত সঞ্চালকমণ্ডলীৰ সভাপতি ইকৰাম হুছেইন, উপ-সভাপতি খবিৰ উদ্দিন আহমেদ, সদস্য-সদস্যা ক্ৰমে মানিক আলী, আব্দুল কাদেৰ, তালেব আলী , বাবুল আলী, পুতলা টেষ্ট, তাইজুদ্দিন সিকদাৰ, কুলেন বড়ো , আব্দুল লতিফ, উমিয়া বেগম আৰু আনোৱাৰা বেগম উপস্থিত থাকে। আজিৰ এই সভাখনত সহস্ৰাধিক অংশীদাৰ ৰাইজ উপস্থিত থাকি সভাখন সফল কৰি তোলাত আটাইলৈ ধন্যবাদ জ্ঞাপন কৰে সমবায়খনৰ সম্পাদক আব্দুল ওহাবে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments