Thursday, September 24, 2026
Homeঅসমজটিল ৰোগত আক্ৰান্ত জনপ্ৰিয় কৌতুক অভিনেতা ভাস্কৰ বৰ্মন

জটিল ৰোগত আক্ৰান্ত জনপ্ৰিয় কৌতুক অভিনেতা ভাস্কৰ বৰ্মন

  • জটিল ৰোগত আক্ৰান্ত জনপ্ৰিয় কৌতুক অভিনেতা ভাস্কৰ বৰ্মন
  • আৰ্থিক সংকটৰ বাবে উপযুক্ত চিকিৎসা গ্ৰহণৰ পৰা বঞ্চিত ভাস্কৰ বৰ্মন
  • মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক নাৰায়ণ ডেকালৈ সহায়ৰ আহ্বান

তফিকুৰ ৰহমান, সৰ্থেবাৰী, ২৪ ছেপ্টেম্বৰঃ অসমৰ নাট্যজগতৰ এগৰাকী বলিষ্ঠ কৌতুক অভিনেতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ২ নং জয়সাগৰ গাঁৱৰ ভাস্কৰ বৰ্মন সম্প্ৰতি জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে। উল্লেখ্য যে যোৱা ২৮ আগষ্টত পাঠশালাত ৰাজমুকুট থিয়েটাৰৰ অপেনিং শ্ব’ চলি থকাৰ সময়তেই মঞ্চতেই অসুস্থ হৈ পৰিছিল ভাস্কৰ বৰ্মন। এইবেলি ৰাজমুকুট থিয়েটাৰত চুক্তিবদ্ধ আছিল ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে আখৰাৰ সময়তে অসুস্থ অনুভৱ কৰিছিল যদিও নাট্য দলটিৰ লগতে দৰ্শকৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই নাটকৰ আখৰা চলাই গৈছিল। কিন্তু যোৱা ২৮ আগষ্টত মঞ্চতেই গুৰুতৰভাৱে অসুস্থ হৈ পৰাত ভাস্কৰ বৰ্মন চিকিৎসাৰ বাবে ঘৰলৈ উভতি আহে। জটিল ৰোগত আক্ৰান্ত হোৱা ভাস্কৰ বৰ্মনে আৰ্থিক সংকটৰ বাবে অদ্যপি উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব পৰা নাই। আনহাতে অসুস্থতাৰ বাবে থিয়েটাৰ এৰিব লগীয়া হোৱাৰ বাবেও মহা আৰ্থিক সংকটত পৰে। আনকি বৰ্তমান অৱস্থাত ভাস্কৰ বৰ্মনে পৰিয়ালটো চলাই নিয়াৰ বাবেও সমস্যাৰ সন্মুখীন হৈছে। যাৰ পৰিণতিত মাতৃৰ লগতে পত্নী, দ্বাদশ শ্ৰেণীত অধ্যয়নৰত কন্যা আৰু নৱম শ্ৰেণীত অধ্যয়নৰত পুত্ৰসহ পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা।

সম্প্ৰতি চৌদিশ অন্ধকাৰ দেখা ভাস্কৰ বৰ্মনে উপযুক্ত চিকিৎসা আৰু আৰ্থিক সহায়ৰ বাবে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকালৈ আহ্বান জনাইছে। বিভিন্ন থিয়েটাৰত থাকি অভিনয় কৰা অভিনেতা পিতৃ প্ৰয়াত মায়া বৰ্মনৰ পদাংক অনুসৰণ কৰিয়েই নাট্যকলাৰ প্ৰতি অনুৰাগ জন্মা ভাস্কৰ বৰ্মনে পেচাগতভাবে ১৯৮৯ চনতেই জ্যোতিৰূপা থিয়েটাৰৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল। জ্যোতিৰূপা থিয়েটাৰত একেৰাহে ৯ বছৰ অভিনয় কৰিছিল ভাস্কৰ বৰ্মনে। সৰুৰেপৰাই সাংস্কৃতিক জগতৰ স’তে জৰিত হৈ থকা ভাস্কৰ বৰ্মনে পিতৃৰ জৰিয়তে অভিনয় জগতত জড়িত বিভিন্ন শিল্পী কলা-কুশলীৰ সান্নিধ্য লাভ কৰিছিল। স্কুলীয়া জীৱনত নৱম শ্ৰেণীতেই নাটকত অভিনয় কৰা ভাস্কৰ বৰ্মনে কবিতাও সুন্দৰকৈ আবৃত্তি কৰিছিল। পিছলৈ এগৰাকী সুদক্ষ অভিনেতা তথা নাট্যকাৰ, ৰসানুসন্ধানী কলাকাৰ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল ভাস্কৰ বৰ্মনে।

ভাস্কৰ বৰ্মনৰ ধ্ৰুপদী সংলাপ, আত্মবিভোৰ অভিনয় আৰু অংগচালনৰ নান্দনিক সুক্ষ্মতাই প্ৰতিগৰাকী দৰ্শকক মুগ্ধ কৰি আহিছে। ভাস্কৰ বৰ্মনে বিভিন্ন সময়ত ৰাজ্যখনৰ আগশাৰীৰ ভ্ৰাম্যমাণ জগতৰ নাট্যদল জ্যোতিৰূপা, শংকৰদেৱ, সূৰ্য্য, শংকৰ-মাধৱ, বৰদৈচিলা, মেঘদূত, মুকুন্দ, ৰাজমুকুট, ভাগ্যদেৱী, অভিনন্দন, মঞ্চতীৰ্থ, বীনাপাণি আদি থিয়েটাৰৰ মঞ্চত দুৰ্দান্ত অভিনয় কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। এগৰাকী নাট্যকাৰ হিচাপেও সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ভাস্কৰ বৰ্মনে। গুপুতে গুপুতে (কহিনুৰ থিয়েটাৰ), বাক্যবাণ (ৰাজমুকুট থিয়েটাৰ), ধেমালিতে ধুমুহা (বৰদৈচিলা থিয়েটাৰ)কে ধৰি কুৰিখনতকৈও অধিক মঞ্চসফল নাট ৰচনা কৰি এগৰাকী সফল নাট্যকাৰ হিচাপেও নাট্যজগতত প্ৰতিষ্ঠিত হৈছিল ভাস্কৰ বৰ্মন। বহুমুখী প্ৰতিভাৰ অধিকাৰী ভাস্কৰ বৰ্মনে আশাৰ ৰেঙনিৰ শ্ৰেষ্ঠ কৌতুক অভিনেতা -২০১৯, বিৰিণা গোষ্ঠী, অসমৰ ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা-২০২১, দাগাপাৰাৰ নৱজীৱন যুৱক সংঘৰ নৱৰত্ন বঁটা-২০২২, জোনতৰা কলা কেন্দ্ৰৰ ইন্দ্ৰ বনিয়া বঁটা, নেবকচৰ শ্ৰেষ্ঠ কৌতুক অভিনেতা-২০২৫ বঁটাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

৫৫ বছৰ অতিক্ৰম কৰা প্ৰবীণ নাট্যশিল্পী ভাস্কৰ বৰ্মনৰ ক্লান্তিহীন অভিনয় আৰু কলাত্মক ভাবনাসমৃদ্ধ শৈল্পিক জীৱনে সাংস্কৃতিক জগত চিৰদিন পোহৰাই ৰখাৰ বাবে ভাস্কৰ বৰ্মনৰ এতিয়া প্ৰয়োজন হৈছে ৰজাঘৰীয়াৰ কৃপাদৃষ্টি। বৰক্ষেত্ৰীৰ গৌৰৱ ভাস্কৰ বৰ্মনৰ আকস্মিক অসুস্থতাৰ খবৰ লোৱা বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে জ্যেষ্ঠ শিল্পীগৰাকীক সহায় কৰাবলৈ চৰকাৰলৈ আহ্বান জনায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments