Wednesday, September 30, 2026
Homeঅসমবুধবাৰে অৰুণাচলৰ নামপঙত সংঘটিত এম্বুশ্বৰ দায়িত্ব স্বীকাৰ GPRNৰ

বুধবাৰে অৰুণাচলৰ নামপঙত সংঘটিত এম্বুশ্বৰ দায়িত্ব স্বীকাৰ GPRNৰ

২৯ ছেপ্টেম্বৰত ভাৰত ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ ২১ অসম ৰাইফলছৰ ওপৰত হোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে গভৰ্ণমেণ্ট অফ দা পিপল’ছ ৰিপাব্লিক অফ নাগালেণ্ড গ্ৰুপে। NSCN(K-YA)ৰ সহযোগত ২৯ ছেপ্টেম্বৰৰ পুৱা ৬:৩০ বজাত অৰুণাচল প্ৰদেশৰ নামপংস্থিত ভাৰত ম্যানমাৰ সীমান্তত ২১ অসম ৰাইলছৰ তহলদাৰী দলৰ ওপৰত পূৰ্বপৰিকল্পিত ভাৱে অতৰ্কিতে আক্ৰমণ চলাই এজন সেনা জোৱানক গুলয়াই হত্যা কৰাৰ উপৰিও কেইবাজনো অসম ৰাইলছৰ জোৱানক গুৰুতৰ ভাৱে আঘাত হনাৰ দাবী উত্থাপন কৰি প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে গভৰ্ণমেণ্ট অফ দা পিপল’ছ ৰিপাব্লিক অফ নাগালেণ্ড নামৰ সংগঠনটোৱে। এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৱে জনাইছে যে অসম ৰাইফলচৰ তহলদাৰী দলৰ ওপৰত তেওঁলোকৰ দুয়োটা সংগঠনে যুটীয়া ভাৱে চলোৱা এই আক্ৰমণৰ সময়ত ঘটনাস্থলীৰ পৰা সেনা জোৱানৰ এটা AK 47 ৰাইফল উদ্ধাৰ কৰি লগত লৈ যায় আৰু ইয়াৰ প্ৰমাণ হিচাপে সংগঠনটোৰ তৰফৰ পৰা আক্ৰমণকাৰী দলৰ সদস্য সকলৰ সৈতে AK 47 ৰাইফলৰ এখন ফটো সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments