বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত লেহুগাঁৱত অৱস্থিত DTO কাৰ্যালয়ৰ সন্মুখত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, AS-12-AC-8497 নম্বৰৰ এখন শিলভৰ্তি মিনি ট্ৰাক আৰু AS-32-A-4824 নম্বৰৰ এখন পালছাৰ মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ। তীব্ৰ বেগেৰে বিশ্বনাথ চাৰিআলি অভিমুখে গৈ থকা মটৰচাইকেলখনৰ আৰোহী দুজন সংঘৰ্ষৰ ফলত চিটিকি পৰি গুৰুতৰভাৱে আহত হয়।
লগেলগে ট্ৰাকখন পলায়ন কৰে যদিও জিলা পৰিৱহণ বিভাগৰ লোকে পিছাকৰি ধৰিবলৈ সক্ষম হয়।
এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে তৎক্ষণাৎ বিশ্বনাথ আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে যান-বাহন আৰক্ষীৰ এটা দল ঘটনাস্থলিত উপস্থিত হৈ আহত যুৱক দুজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বিশ্বনাথ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
