গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ মৃত্যু । বগুলামাৰী প্ৰস্তাৱিত সংৰক্ষিত অঞ্চলৰ কল্যাণপুৰত উদ্ধাৰ হাতীৰ মৃতদেহ । জানিব পৰা মতে যোৱা ২৯ আগষ্টৰ সন্ধিয়া ৰেলৰ খুন্দাত আঘাত পাইছিল হাতীটো ।
গুৱাহাটীৰ পৰা নিউ বঙাইগাঁও অভিমুখী ডেম’ পেছেঞ্জাৰ ৰে’লে খুন্দিওৱাৰ ফলত বনৰীয়া হাতীটো আঘাতপ্ৰাপ্ত হৈছিল । প্ৰায় এটা মাহৰ পিছত মৃত্যুৰ ওচৰত হাৰ মানিলে আঘাত প্ৰাপ্ত হাতীটো । ইফালে বিগত ৭ দিনৰ ভিতৰত জিলাখনত তিনিটা হাতীৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰিছে ।
