Tuesday, September 29, 2026
Homeঅসমছৈখোৱাত ড্ৰাগছসহ যুৱক গ্ৰেপ্তাৰ

ছৈখোৱাত ড্ৰাগছসহ যুৱক গ্ৰেপ্তাৰ

ড্ৰাগছৰ বিৰুদ্ধে শদিয়া আৰক্ষী জিলাৰ অন্তৰ্গত ধলা আৰক্ষীয়ে চলোৱা অভিযানত ড্ৰাগছসহ এজন যুৱক গ্ৰেপ্তাৰ হোৱা ঘটনাই ছৈখোৱা-ধলা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ধলা দলঙৰ সমীপৰ পৰা যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, শদিয়া আৰক্ষী জিলাৰ ধলা চক্ৰ বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত আজি চলোৱা অভিযানত ধলা আৰক্ষীয়ে ২.৭৮ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ড্ৰাগছ সেৱনৰ বাবে ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা চিৰিঞ্জ জব্দ কৰে। অভিযানকালত AS-23-DC-6221 নম্বৰৰ এখন টাটা মেজিক বাহনো আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনক দ্বীপজ্যোতি বড়া বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰ অনুসৰি, ধৃত যুৱকজনৰ ঘৰ ধলাৰ মিৰিপথাৰ গাঁৱত।

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে ধলা দলঙৰ সমীপৰ পৰা ড্ৰাগছসহ যুৱক গ্ৰেপ্তাৰৰ ঘটনাই অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ অবৈধ সৰবৰাহ আৰু সেৱনক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে। ড্ৰাগছৰ উৎস, সৰবৰাহৰ সৈতে আন কোনো লোক জড়িত আছে নেকি আৰু জব্দ কৰা বাহনখন কেনেদৰে ব্যৱহাৰ কৰা হৈছিল, সেই বিষয়ে তদন্তৰ পাছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments