- ধুবুৰীত বৃহৎ উচ্ছেদৰ বাবে সাজু প্ৰশাসন।
- শাৰী শাৰীকৈ মোতায়েন কৰা হৈছে বহু বুলড’জাৰ
- ধুবুৰীৰ আলমগঞ্জৰ ৯নং গাঁৱত কাইলৈ পুৱা ৬ বজাৰ পৰা চলিব উচ্ছেদ
- ৬০ খন বুলড’জাৰে ভাঙি পেলোৱা হ’ব ২০০০ লোকৰ বাসগৃহ
- বৃহৎ উচ্ছেদৰ প্ৰাকক্ষণত ধুবুৰীত বেদখলকাৰীৰ হাহাকাৰ
ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আলমগঞ্জ সপ্তম আৰু নৱম খণ্ডত চৰকাৰী ভূমি খালী কৰাৰ বাবে জিলা প্ৰশাসনে চলাইছে তীব্ৰ তৎপৰতা। চৰকাৰী ভূমিত বেআইনীভাৱে বসবাস কৰি থকা প্ৰায় ৮২০টা পৰিয়ালক উদ্দেশ্যি ধুবুৰী জিলা প্ৰশাসনে ইতিমধ্যে এক গুৰুত্বপূৰ্ণ উচ্ছেদৰ জাননী জাৰি কৰিছে।
ৰাজহ চক্ৰ বিষয়াই নিজে উপস্থিত থাকি মাইকযোগে ঘোষণা কৰাৰ লগতে ঘৰে ঘৰে গৈ এই উচ্ছেদ জাননী প্ৰদান কৰিছে। ‘অসম ভূমি আৰু ৰাজহ নিয়মাবলী, ১৮৮৬’ (Assam Land and Revenue Regulation, 1886)-ৰ নিয়ম ১৮(২) অনুসৰি, চৰকাৰী খাস ভূমিত বেআইনীভাৱে দখল কৰি থকা লোকসকলক অবিলম্বে উক্ত ভূমি খালী কৰি নিজ নিজ ঘৰ-দুৱাৰ আৰু নিৰ্মাণ সামগ্ৰী আঁতৰাই নিবলৈ নিৰ্দেশ দিয়া হৈছে।
নির্দিষ্ট সময়সীমাৰ ভিতৰত ভূমি খালী নকৰিলে প্ৰচলিত আইন অনুসৰি প্ৰশাসনে পোনে পোনে উচ্ছেদ অভিযান চলাব বুলি স্পষ্ট কৰি দিছে। ইপিনে প্ৰশাসনৰ এই কঠোৰ তথা জৰুৰী জাননী পোৱাৰ পাছতে আলমগঞ্জ অঞ্চলত এক উত্তপ্ত আৰু চিন্তাজনক পৰিৱেশ সৃষ্টি হৈছে। উচ্ছেদ অভিযানৰ ভয়ত আৰু আইনী ব্যৱস্থাৰ পৰা হাত সাৰিবলৈ বহু পৰিয়ালে ইতিমধ্যে নিজৰ নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ তথা বিকল্প স্থানলৈ হস্তান্তৰ হ’বলৈ আৰম্ভ কৰিছে।
