Tuesday, November 3, 2026
Homeঅসমকাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ ঘনকান্ত গগৈক

কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ ঘনকান্ত গগৈক

  • কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ ঘনকান্ত গগৈক
  • শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ঘনকান্তক
  • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা উলিয়াই লৈ গ’ল ঘাতক ঘনকান্তক
  • ২০২৪ৰ শিৱসাগৰত ৰুজু হোৱা এটা গোচৰত গ্ৰেপ্তাৰ।
গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচটাকৈ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক। ডিমৌ থানাত ৰুজু হৈ থকা এটা প্ৰবঞ্চনাৰ গোচৰত ঘনকান্তক গ্ৰেপ্তাৰ কৰিবলৈ শিৱসাগৰ আৰক্ষীয়ে আদালতৰ অনুমতি লাভ কৰিছে। মঙলবাৰে নিশাই তেওঁক শিৱসাগৰলৈ লৈ যোৱা হ’ব। বুধবাৰে শিৱসাগৰৰ CJM আদালতত হাজিৰ কৰোৱা হ’ব অভিযুক্তটোক।
জানিব পৰা মতে, ডিমৌ থানাত ১০৮/২৪ নম্বৰত পঞ্জীয়ন হৈ আছে ঘনকান্ত গগৈৰ বিৰুদ্ধে এটা গোচৰ। TATA Hitachiৰ Excavator ক্ৰয়ক কেন্দ্ৰ কৰি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। Excavator ক্ৰয়ৰ নামত ধন সংগ্ৰহ কৰাৰ লগতে চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল ঘনকান্তৰ বিৰুদ্ধে। এজাহাৰত কেইবাটাও গুৰুতৰ অভিযোগ উল্লেখ কৰা হৈছিল।
এই গোচৰতে ঘনকান্তক আদালতত হাজিৰ কৰোৱাৰ বাবে মঙলবাৰে শিৱসাগৰ আৰক্ষীয়ে আদালতত আবেদন জনাইছিল। আদালতে আৰক্ষীৰ আবেদন মঞ্জুৰ কৰে। ইয়াৰ পাছতে শিৱসাগৰ আৰক্ষীৰ এটা বৃহৎ দল চাৰিখন বাহনেৰে গুৱাহাটীত উপস্থিত হৈছে। দলটোত পৰিদৰ্শক পৰ্যায়ৰ বিষয়াও আছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments