‘সাংঘাতিক ভয়ত আছিল সত্যেন্দ্ৰ পাঠক’ । ‘ৰাতি টোপনি নাহে !’ ‘ঘনকান্তৰ ভয়ে বাৰে বাৰে খেদি ফুৰিছিল সত্যেন্দ্ৰ পাঠকক’। অৱশেষত চিকিৎসালয়ৰ পৰা সুস্থ হৈ বৰপেটাৰ নিজ গৃহত উপস্থিত হ’ল সত্যেন্দ্র পাঠক। এফালৰ পৰা গুলিয়াই গৈছিল সকলোকে ।
হোটেল বিলাস-ইন কাণ্ডত একমাত্র জীৱিত অৱস্থাত থকা সত্যেন্দ্র পাঠকে দিলে ঘটনাৰ শিহৰণকাৰী বর্ণনা।হোটেল বিলাস ইন কাণ্ডৰ শিহৰণকাৰী বৰ্ণনা ভুক্তভোগী সত্যেন্দ্ৰ পাঠকৰ।
আৰম্ভণিৰ পৰা শেষলৈকে কি হৈছিল হোটেল বিলাস ইনত? সকলোখিনি বিৱৰি ক’লে ঘাতক ঘনকান্তৰ হাতৰ পৰা কথমপি ৰক্ষা পৰা সত্যেন্দ্ৰ পাঠকে।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা বৰপেটাৰ ইচ্ছাপুৰহাটীস্থিত বাসগৃহত উপস্থিত হোৱাৰ সময়ত আৱেগিক হৈ পৰে পৰিয়ালৰ লোক। বিশেষকৈ পুত্ৰক ঘূৰাই পাই মাতৃৰ চকুত দেখা গ’ল আনন্দ আৰু স্বস্তিৰ চকুপানী।
