অসম আৰক্ষীৰ এনকাউণ্টাৰক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।ঘাতক ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যু অনাকাংক্ষিত ঘটনা আখ্যা মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সংবাদমেলযোগে স্পষ্ট কৰি দিছে, এইখন গণতান্ত্ৰিক দেশ। ইয়াত পুলিচে কাকো মাৰিব নোৱাৰে। পুলিচৰ মানুহ মৰাৰ অধিকাৰ নাই। মানুহ মৰাৰ অধিকাৰ থকা হ’লে ময়ো মোৰ শত্ৰুবোৰক মাৰি দিব পৰিলোহেঁতেন।
ন্যায়াধীশ উজ্বল ভূঞাৰ কথাও উনুকিয়ালে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মতে, ন্যায়াধীশ উজ্বল ভূঞাই বহুবাৰ অসমত আহি কৈ গৈছে যে আৰক্ষীয়ে মানুহক মাৰিলে আদালতো কঠোৰ হ’ব আৰক্ষীৰ বিৰুদ্ধে। গতিকে ইয়াৰ পৰাই স্পষ্ট আৰক্ষীয়ে কাকো মাৰিব নোৱাৰে।
