Thursday, November 7, 2024
Homeৰাজনৈতিকমহিলা সংৰক্ষণ বিধেয়ক গৃহীত হলে ৰাজীৱ গান্ধীৰ সপোন পূৰণ হ’ব

মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হলে ৰাজীৱ গান্ধীৰ সপোন পূৰণ হ’ব

ডিজিটেল ডেস্ক,২০ ছেপ্তেম্বৰ: কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ সংসংদত মন্তব্য- মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ লগে লগে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা তেওঁৰ স্বামী ৰাজীৱ গান্ধীৰ সপোন পূৰণ হ’ব।প্ৰথমবাৰৰ বাবে স্থানীয় সংস্থাৰ নিৰ্বাচনত মহিলাৰ প্ৰতিনিধিত্বৰ সিদ্ধান্ত লোৱাৰ বাবে সাংবিধানিক সংশোধনী আনিছিল মোৰ জীৱন সংগী ৰাজীৱ গান্ধীয়ে। ৰাজ্যসভাত ৭টা ভোটত পৰাস্ত হৈছিল।পিছত কংগ্ৰেছ চৰকাৰে প্ৰ্দানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ নেতৃত্বত ৰাজ্যসভাত গৃহীত কৰিলে(Rajiv’s dream will be fulfilled with passage of women’s reservation bill)।

ফলস্বৰূপে আমাৰ হাতত স্থানীয় সংস্থাৰ জৰিয়তে সমগ্ৰ দেশতে ১৫ লাখ নিৰ্বাচিত মহিলা নেত্ৰী আছে।মহিলা সংৰক্ষণ বিধেয়ক – নাৰী শক্তি বন্দন অধিনিয়াম ২০২৩ বিধেয়ক – শীৰ্ষক মহিলা সংৰক্ষণ বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়াই ছোনিয়া গান্ধীয়ে ইয়াক শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী জনায়।

‘আমি বিধেয়কখনক অনতিপলমে আইনত পৰিণত কৰিবলৈ দাবী জনাইছো। যিহেতু বিধেয়কখন কাৰ্যকৰী কৰাত পলম হোৱাটো দেশৰ মহিলাসকলৰ প্ৰতি এক গুৰুতৰ অন্যায়। চৰকাৰক এই কাম শীঘ্ৰে কৰিবলৈ আহ্বান জনাইছোঁ। আইএনচিয়ে বিধেয়কখন তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে যদিও জাতি জনগণনাও কৰিব লাগে আৰু অনুসূচিত জাতি আৰু অবিচি মহিলাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।”

যোৱা ২০ ছেপ্টেম্বৰৰ পৰা লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ বাবে আলোচনা আৰম্ভ হয় আৰু অহা ২১ ছেপ্টেম্বৰত ৰাজ্যসভাত এই বিধেয়কখন গ্ৰহণ কৰা হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments