ডিজিটেল ডেস্ক,২৮ ছেপ্তেম্বৰ : আগন্তুক ক্ৰিকেট বিশ্বকাপক লৈ দেশবাসীৰ মাজত কৌতুহল ।আশা প্ৰত্যাশাৰ মাজত বিভিন্ন জন ক্ৰকেট অনুৰাগী । তাৰ মাজতে বিশ্বকাপক লৈ অভিনেতা শ্বাহৰুহ খানৰ এটা টুইট লৈ দেশজুৰি চৰ্চা ।কিয়নো শ্বাহৰুখ খানে বিৰাট কোহলীক দিলে মেন ইন ব্লু আখ্যা লগতে নিজৰ ‘দামাদ’ বুলিও উল্লেখ কৰিছে ।বৰ্তমান ‘জোৱান’ৰ সফলতাৰ ওপৰত উচ্চ ৰাইডিং কৰা শ্বাহৰুখ খানে শেহতীয়াকৈ এক্সত নিজৰ অনুৰাগীৰ সৈতে ‘আস্কএছআৰকে’ অধিবেশন চলাইছিল(Shah Rukh Khan refers to Virat Kohli as his ‘damaad)।
ছুপাৰষ্টাৰ গৰাকীয়ে অনুৰাগী সকলৰ বহু প্ৰশ্নৰ উত্তৰ দিয়া মাজতে অনুৰাগী সকলৰ চকুত ধৰা পৰা এটা বিশেষ পোষ্ট ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ বিষয়ে বেছ চৰ্চা লাভ কৰিছে ।অনুৰীগীৰ প্ৰশ্নৰ উত্তৰত এক্সত বিশেষ চৰ্চা লাভ কৰা এক্সৰ পোষ্টটোত নেটিজন এজনে শ্বাহৰুখক বিৰাট কোহলীৰ কথা সোধাত কোহলীৰ বিষয়ে জোৱান ষ্টাইলত অভিনেতা গৰাকীয়ে উত্তৰত লিখিছে ‘মই বিৰাট কোহলীক ভাল পাওঁ, তেওঁ মোৰ নিজৰ দৰেই আৰু মই তেওঁৰ মংগলৰ বাবে সদায় প্ৰাৰ্থনা কৰো….ভাই দমাদ জেয়ছা হেয় হামৰা!!’ তেওঁ নিজৰ… বিশ্বকাপৰ পূৰ্বে টিম ইণ্ডিয়ালৈ শুভেচ্ছা জনাইছো ।
উল্লেখযোগ্য যে শ্বাহৰুখ খানে বিৰাটৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সৈতে ‘ৰব নে বানা দি জোদী’, ‘জব টক হায় জান’, ‘জিৰ’ আদি বহু ছবিত কাম কৰিছে। ২০১৭ চনত তেওঁলোকৰ বিয়াতো অংশ লৈছিল শাহৰুহ খানে ।শেহতীয়াকৈ শ্বাহৰুখ আৰু বিৰাটে আই পি এলৰ খেল এখনৰ পিছত ক্ৰিকেট ষ্টেডিয়ামত লগ হৈ ‘ঝুমে জো পাথান’ গীতত একেলগে নাচি শিৰোনাম দখল কৰিছিল ।
বাদশ্বাহ শ্বাহৰুহ খান আৰু কোহলীৰ মাজত যে অতীতৰ পৰাই এটা ভাল সৰ্ম্পক আছে বৰ্তমানে দিয়া এক্সৰ পোষ্টত আকৌ এবাৰ প্ৰমাণ কৰা দেখিবলৈ পোৱা গৈছে ।