Wednesday, July 9, 2025
Homeক্ৰীড়াএছিয়ান গেমছ ২০২৩ৰ ৫ম দিনৰ সবিশেষ

এছিয়ান গেমছ ২০২৩ৰ ৫ম দিনৰ সবিশেষ

ডিজিটেল ডেস্ক,২৮ ছেপ্তেম্বৰ: ১০০ পদকৰ লক্ষ্যৰে ভাৰতৰ পদযাত্ৰা অব্যাহত আছে। বৰ্তমান পৰ্য্যন্ত ভাৰতে ভাৰতে লাভ কৰিছে ছটা সোণ, আঠটা ৰূপ আৰু ১১টা ব্ৰঞ্জ ।

ৰোহন বোপান্না-ৰুতুজা ভোছালৰ প্ৰদশনত পদক নিশ্চয়তা কৰিছে ।ভাৰতীয় ফুটবল দলে চৌদি আৰৱৰ বিৰুদ্ধে ১৬ ৰাউণ্ডৰ খেলত একচন মোদত অংশগ্ৰহণ কৰিছে। ৰোহন বোপান্না আৰু ৰুতুজা ভোছালে মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক লাভৰ নিশ্চয়তা লাভ কৰিছে ।ইয়াৰ পূৰ্বে ৰামকুমাৰ ৰামানাথন, সাকেথ মাইনেনীয়ে ডাবল টেনিছত ফাইনেলত প্ৰৱেশ কৰি ৰূপৰ পদক নিশ্চয়তা কৰিছে ।

ইয়াৰ বিপৰীতে অনুষ আগৰৱালাই এছিয়ান গেমছত ব্যক্তিগত ড্ৰেছেজ ইভেণ্টত ভাৰতৰ প্ৰথমটো পদক লাভ কৰে ।বৃহস্পতিবাৰৰ আৰম্ভণিতে ভাৰতৰ বাবে এক ডাঙৰ নোটত শ্বুটাৰ ছাৰবজোৎ সিং, অৰ্জুন সিং চিমা আৰু শিৱ নৰৱালে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল টিম ইভেণ্টত শীৰ্ষস্থান দখল কৰাৰ পিছত এছিয়ান গেমছ ২০২৩ৰ দেশৰ ষষ্ঠটো স্বৰ্ণ পদক লাভ কৰে।

ইয়াৰ পূৰ্বে ৱুছুৰ তাৰকা ৰোছিবিনা দেৱীয়ে মহিলাৰ ৬০ কেজি ফাইনেলত ৰূপৰ পদক লাভ কৰে। স্কোয়াছত পুৰুষ আৰু মহিলা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰি প্ৰত্যেকেই পদক লাভৰ নিশ্চয়তা লাভ কৰে ।এনেদৰে ভাৰতে বৰ্তমান পৰ্য্যন্ত ২৫ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments