Monday, May 4, 2026
Homeঅসমঅসমৰ ৰাজনীতিত নতুন ইতিহাস: হিমন্ত বিশ্ব শৰ্মা

অসমৰ ৰাজনীতিত নতুন ইতিহাস: হিমন্ত বিশ্ব শৰ্মা

অসমত বিজেপি মিত্ৰজোঁটৰ ঐতিহাসিক জয়। অভিলেখ সৃষ্টি কৰিলে ১০২খন আসন দখল কৰিলে বিজেপি মিত্ৰজোঁটে। নিৰংকুশ সংখ্যাগৰিষ্ঠাৰে পুনৰ বিজেপিয়ে অসমত গঠন কৰিব চৰকাৰ।

আনহাতে, বিৰোধী ঐক্যই লাভ কৰিছে ২১খন আসন। এআইইউডিএফে লাভ কৰিছে দুখন আৰু তৃণমূল কংগ্ৰেছে লাভ কৰিছে এখন আসন। বিজেপি মিত্ৰজোঁটৰ ভিতৰত বিজেপিয়ে অকলে লাভ কৰিছে ৮২খন আসন, অগপই লাভ কৰিছে ১০খন আসন আৰু বিপিএফে লাভ কৰিছে ১০খন আসন।

বিৰোধী ঐক্যই লাভ কৰিছে ২১খন আসন। ইয়াৰ ভিতৰত কংগ্ৰেছে ১৯খন আৰু ৰাইজৰ দলে লাভ কৰিছে ২খন আসন। আনহাতে, AIUDF দলে লাভ কৰিছে দুখন আসন।

ঐতিহাসিক বিজয়ৰ পিছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। বশিষ্ঠৰ বাজপেয়ী ভৱনত সংবাদমেলত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ‘‘বিজেপি মিত্ৰজোঁটে ইতিহাসিক বিজয় লাভ কৰাৰ দিশে গৈ আছে। অসমৰ ৰাজনীতিত নতুন ইতিহাস ৰচনা কৰিছে। ১০০খন আসন পূৰ্বে লাভ কৰা নাছিল।’’
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘অসমবাসীৰ ওচৰত শিৰণত কৰিছোঁ। অসমবাসী ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছো ৰাজ্যবাসীৰ হকে কাম কৰিম। প্ৰধানমন্ত্ৰী মোদীক পুনৰবাৰ ধন্যবাদ জনাইছো।’’ কেন্দ্ৰীয় গৃহমন্ত্ৰীকো কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে বিধানসভা নিৰ্বাচনত জুবিন গাৰ্গ ইছ্যু নহ’ল। এইটো ইছ্যুৰ বাবে কংগ্ৰেছ বহু দূৰত আঁতৰি গ’ল। জুবিন গাৰ্গৰ ন্যায়ৰ নামত কংগ্ৰেছে নিকৃষ্টি ৰাজনীতি কৰিছে। উপাধিৰে ৰাজনীতি কৰিব বিচৰা পূৰ্বে নোহোৱা নোপোজা ৰাজনীতি আছিল। তিনি গগৈৰে ৰাজনীতি কৰিব বিচাৰিছিল কংগ্ৰেছে। বিজেপি গগৈ, কোচ, ৰাজবংশী সকলো আছে। সেয়ে দুজন গগৈক ৰাইজে পৰাজয় কৰিলে।’’
‘‘অসমৰ এটা বা দুটা প্ৰচাৰ মাধ্যমে একপক্ষীয় ভূমিকা লৈছিল। প্ৰচাৰ মাধ্যমে GEN-Z ৰূপে অভিহিত কৰিছিল, কিন্তু আমাৰ প্ৰতিগৰাকী জেঞ্জি জয়লাভ কৰিছে। শপত গ্ৰহণ প্ৰসংগত দলৰ নেতৃত্ব সতে আলোচনা কৰা হ’ব। বিৰোধীত হিন্দু বিধায়ক নাথাকিব। সেইবাবে ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ আমাৰ দললৈ আহিছে।’’
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘বিজেপিৰ ভিজন ডকুমেণ্ট অনুসৰি কাম কৰা হ’ব। পূৰ্বে ডেৰ লাখ ভূমিত উচ্ছেদ চলিছিল এইবাৰ অধিক হ’ব। জনাদেশ লাভ কৰাৰ পিছতে উচ্ছেদক লৈ পুনৰ সৰব হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী।
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘মই কৈছিলোঁ অসমত চেঞ্চুৰী, বেংগলত ডাবল চেঞ্চুৰী হ’ব।
মই কোৱাৰ দৰে দুইখন ৰাজ্যত ফলাফল হৈছে। এতিয়া বিদেশী বাংলাদেশী সোমোৱা পথ বন্ধ হ’ব। পশ্চিমবংগ বিজয় আমাৰ বাবে অন্যতম সকাহ। পশ্চিম বংগক বিজয় কৰি অসমক সুৰক্ষা প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে। গৃহমন্ত্ৰী পশ্চিম বংগ জয়ী কৰাবৰ বাবে যোৱা নাই, দেশক জিকাবলৈ তাত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ভাৰত হিন্দু ৰাষ্ট্ৰ আছিল, হিন্দু ৰাষ্ট্ৰ হ’ব।’’
 ‘‘অসমৰ জনতাই পৱন খেড়াক পেৰা বনাই দিলে। অসমৰ এগৰাকী মহিলাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আনিছিল। যদি গৌৰৱ গগৈ খেড়াৰ সতে সংবাদমেল নিদিলেহেঁতেন তেন্তে হয়টো গগৈক পৰাজয় নহলহেঁতেন।’’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments