Monday, June 1, 2026
Homeঅসমহিমন্ত বিশ্ব শর্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠক

হিমন্ত বিশ্ব শর্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠক

আজি হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে কেবিনেট বৈঠকৰ। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। চাওঁ আহক আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা ডাঙৰ সিদ্ধান্তসমূহ।

মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘চৰকাৰে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথম কেবিনেট অনুষ্ঠিত হয়। চৰকাৰে আজিৰে পৰা দায়িত্ব আৰম্ভ কৰা বাৰ্তা আমি দিব বিচাৰিছোঁ । দপ্তৰ সমূহ খুব সোনকালে আৰম্ভ হ’ব। বিধানসভাৰ‌ অধিবেশন পিছত পূৰ্ণাংগ মন্ত্ৰী সভা ঘোষণা কৰা হ’ব।’’

২৬ মে’ত UCC সদনত উত্থাপন কৰা হ’ব, UCCৰ খচৰা আজি কেবিনেটে অনুমোদন জনায়। জনজাতীয় লোক সকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব। UCCৰ পৰা ধৰ্মীয় পৰম্পৰা বাহিৰত ৰখা হ’ব। UCCত বিয়াৰ বাবে ন্যূনতম বয়স থাকিব, বহুবিবাহৰ কথা থাকিব, ছোৱালীৰ বাবে সম্পত্তিৰ অধিকাৰৰ বিষয় থাকিব।দুই লাখ চাকৰিত নিযুক্তিৰ বাবে টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব। মুখ্য সচিবৰ নেতৃত্বত গঠিত টাস্ক ফ’ৰ্চে অহা তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।২১, ২২, ২৫ আৰু ২৬ মে’ত অসম বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’ব। বিধানসভাৰ অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ’ব।

BJPৰ ইস্তাহাৰখনক আজিৰ কেবিনেটে ৰাজ্যৰ উন্নয়নৰ খচৰা হিচাপে গ্ৰহণ কৰে৷ ৮ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷ দেৱজিত লন শইকীয়াক পুনৰ পাঁচ বছৰৰ বাবে ৰাজ্যৰ মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে৷অহা ছমাহলৈ ৰাজ্য চৰকাৰে নতুন গাড়ী ক্ৰয় নকৰে৷ মন্ত্ৰীসকলেও নাপাব নতুন গাড়ী৷ গাড়ী ভাৰা ল’লে আমি EV গাড়ী লোৱা হ’ব। মুখ্যমন্ত্ৰীয়ে হ্ৰাস কৰিব কনভয়। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি চৰকাৰী মন্ত্ৰী, বিষয়া আৰু মুখ্যমন্ত্ৰীৰ কণভয় হ্ৰাস কৰা হ’ব।

কোনো মন্ত্ৰী-বিষয়াই বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব৷ চৰকাৰী বা ব্যক্তিগত ভাৱেও কৰিব নোৱাৰিব৷ ভিডি’অ কনফাৰেন্সৰ জৰিয়তে বিদেশত হোৱা আলোচনাত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত। অহা ছমাহলৈ কোনো বিদেশী সামগ্ৰী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে৷পেট্ৰ’ল আৰু ডিজেলৰ ১৫ৰ পৰা ২০ বছৰীয়া পুৰণি গাড়ী বন্ধ কৰিব চৰকাৰে। ২০ শতাংশ কম পেট্ৰল ডিজেল ক্ৰয় কৰিব পূৰ্বতকৈ চৰকাৰে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments