Tuesday, July 28, 2026
Homeঅসমবিলাসীপাৰা চহৰখন এতিয়া কিমান সুৰক্ষিত ?

বিলাসীপাৰা চহৰখন এতিয়া কিমান সুৰক্ষিত ?

ধুবুৰীৰ ব্যুৰ’চীফ দুলাল কলিতা: ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰখন এতিয়া কিমান সুৰক্ষিত ? কিমান সুৰক্ষিত গৃহ ? কিমান সুৰক্ষিত ব্যবসায়ীক প্ৰতিষ্ঠান? কিমান সুৰক্ষিত বেঙ্ক ? এই লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ।

আজি বিলাসীপাৰা এছ.বি.আই. শাখাত চুৰ সোমোৱা কাৰ্য্যই সকলো গ্ৰাহককে আচৰিত কুৰি তুলিছে । জানিব পৰা মতে নিশাৰ ভাগত চুৰে বিলাসীপাৰাৰ এছ.বি.আই. শাখাত প্ৰবেশ কৰি বিভিন্ন সামগ্ৰী লণ্ডভণ্ড কৰে । দিনৰ ভাগত উক্ত ঘটনা পোহৰলৈ অহাত চহৰ খনত এক চাঞ্চল্যৰ সৃষ্টি হয় ।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে । উল্লেখযোগ্য যে ১২ জুন তাৰিখেও বিলাসীপাৰা চহৰৰ পুৰণিবজাৰ আৰু জে.পি. ৰোডৰ মুঠ দুখনকৈ ব্যবসায়ীক প্ৰতিষ্ঠানত চোৰে লুট পাট চলাইছিল। অতি সোনকালেই চুৰিকাণ্ডৰ লগত জড়িত ব্যক্তিক কৰায়ত্ব কৰিবলৈ ৰাইজে আৰক্ষীক দাবী জনাইছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments