ডিজিটেল ডেস্ক, ANEWS24X7: নাগালেণ্ডত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । যাৰ ফলত এটা পাহাৰৰ শিল খহি পৰাত দুখন গাড়ী সম্পূৰ্ণৰূপে চূৰ্ণ – বিচূৰ্ণ হোৱাৰ লগতে দুজন লোকৰ মৃত্যু হয় ।
ডিমাপুৰ আৰু কোহিমাৰ মাজত চুমুকেদিমা জিলাৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাসাৰ বৰষুণৰ মাজতে সন্ধিয়া সংঘটিত হোৱা দুৰ্ঘটনাটোত আন তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ইপিনে লোকসকলৰ পৰিচয় এতিয়াও জনিব পৰা হোৱা নাই। এটা শিলে নিমিষতে সকলো ধবংসস্তুপত পৰিণত কৰাৰ লগতে পিছফালে ৰৈ থকা এখন গাড়ীৰ ডেশ্বব’ৰ্ড কেমেৰাত বন্দী হোৱা ভয়ংকৰ দৃশ্যই সকলোকে হতবাক কৰিছে ।
