Wednesday, June 17, 2026
Homeঅসমৰাজ্যিক পিছপৰা শ্ৰেণী আয়োগত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ

ৰাজ্যিক পিছপৰা শ্ৰেণী আয়োগত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ

ভুৱা OBC প্ৰমাণ পত্ৰ প্ৰদান কৰা লোকৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থাঃ অশ্বিনী ৰায়

গুৱাহাটী, ১৬ জুনঃ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অসম পিছপৰা শ্ৰেণী আয়োগৰ কাৰ্যালয়ত মঙলবাৰে উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ। খানাপাৰাস্থিত আয়োগৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে আয়োগৰ অধ্যক্ষ অজয় কোঁৱৰ, উপাধ্যক্ষ দেৱ প্ৰদীপ বৰা, সদস্য অমৰ গগৈৰ লগতে আয়োগৰ সদস্য সচিব দিগন্ত বৈশ্য (অ.অ.সে.)ৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই অসমত OBCৰ জনসংখ্যাৰ জৰীপ, পিছপৰা শ্ৰেণীৰ ভুৱা প্ৰমাণ পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে ভূৱা OBCৰ প্ৰমাণ পত্ৰ দিয়া আৰু লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে। আয়োগৰ সৈতে আলোচনা কৰি অসমৰ নেপালী সম্প্ৰদায়ৰ একাধিক উপজাতি, বিষ্ণুপ্ৰিয়া মণিপুৰীক কেন্দ্ৰীয় পিছপৰা শ্ৰেণীত অন্তৰ্ভুক্তিকৰণ সম্পৰ্কতো মন্তব্য দিয়ে মন্ত্ৰীগৰাকীয়ে। ইতিমধ্য ৰাজ্যিক পিছপৰা শ্ৰেণীত অন্তৰ্ভূক্ত হৈ থকা বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক অতি সোনকালেই কেন্দ্ৰীয় পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভূক্ত কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীজনে। কুৰ্মী, কুমাৰ, কৰ্মকাৰসকলকো ৰাজ্যিক পিছপৰা শ্ৰেণীত অন্তৰ্ভূক্ত কৰাৰ বাবে আয়োগে যাৱতীয় কাম কাজ আৰম্ভ কৰিছে বুলি উল্লেখ কৰে। নেপালী সম্প্ৰদায়ৰ ১১ টা জনগোষ্ঠী মাঝি, চুনুৱাৰ, সন্যাসী, কুমাল, ঠাকুৰী, যোগী, দাৰাই, পাহাৰী, চালো, চেৰ্পা আৰু ঠাৰু উপজাতি, ধুবুৰী আৰু বিলাসীপাৰাৰ ভিন্ন প্ৰান্তত বাস কৰা লোহাৰসকলৰ অসম পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্তিকৰণ প্ৰক্ৰিয়া আয়োগৰ বিচাৰাধীন বুলি উল্লেখ কৰে আয়োগৰ অধ্যক্ষ অজয় কোঁৱৰে। অজয় কোঁৱৰে লগতে উল্লেখ কৰে যে, মূলতঃ পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে কাম কৰি থকা আয়োগে বৰ্তমানলৈকে ৩৮ টা জনগোষ্ঠী অন্তৰ্ভুক্ত কৰিছে পিছপৰা শ্ৰেণীৰ তালিকাত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments