Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়কোন হ’ব ৰাণী এলিজাবেথ দ্বিতীয়ৰ উত্তৰসূৰী ? কাৰ শিৰত জিলিকিব কহিনু হিৰা...

কোন হ’ব ৰাণী এলিজাবেথ দ্বিতীয়ৰ উত্তৰসূৰী ? কাৰ শিৰত জিলিকিব কহিনু হিৰা ?

ডিজিটেল ডেস্ক ANEWs24X7: বৃহস্পতিবাৰে ইহলিলা সম্বৰণ কৰে ব্ৰিটেইনৰ মহাৰাণী এলিজাবেথ দ্বিতীয় ৷ ইয়াৰ পিছতে চৰ্চালৈ আহিছে কোন হ’ব ৰাণী এলিজাবেথ দ্বিতীয়ৰ উত্তৰসূৰী ? কোনে লাভ কৰিব ৰাণীৰ শিৰৰ মুকুট ? অৱসান ঘটিছে এই উৎকন্ঠাৰ ৷ ব্ৰিটেইনৰ পৰৱৰ্তী ৰজা হ’ব ৰাণী এলিজাবেথৰ পুত্ৰ চাৰ্লছ তৃতীয় ৷ চলিত বৰ্ষৰ আৰম্ভণিতে ৰাণী এলিজাবেথ দ্বিতীয় ঘোষণা কৰিছিল তেওঁৰ পিছত তেওঁৰ পুত্ৰ চাৰ্লছ তৃতীয় হ’ব ব্ৰিটেইনৰ ৰজা হ’ব ৷ তেওঁৰ অনুপস্থিতিত ‘কুইন কনছৰ্ট’ হ’ব প্ৰিন্স চাৰ্লছৰ পত্নী ডাচেছ অফ কৰ্ণৱাল কেমিলা ।

গতিকে ৰাণী এলিজাবেথ দ্বিতীয়ৰ শিৰৰ মুকুটা লাভ কৰিব প্ৰিন্স চাৰ্লছৰ পত্নী ডাচেছ অফ কৰ্ণৱাল কেমিলাই ৷ ৰাণীৰ শিৰৰ মুকুটত ১০৫.৬ কহিনুৰ হীৰা খুদিত থকাৰ বাবে বিশেষ ভাবে চৰ্চাত থাকে ৷ কিয়নো এই কহিনুৰ হীৰাৰ উৎপত্তি হৈছিল ভাৰতত ৷ ১৮৪৯ চনত ব্ৰিটিছসকলে পাঞ্জাৱ দখল কৰাৰ সময়তে কহিনুৰ ৰাণী ভিক্টোৰিয়াক হস্তান্তৰ কৰা হৈছিল। তেতিয়াৰ পৰাই এই কহিনুৰ হীৰাই ব্ৰিটেইনৰ শাসকসকলৰ মূৰত শোভা পাই আহিছে।

দ্বায়িত্ব গ্ৰহণ কৰাৰ পিছত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছে যুক্তৰাজ্য আৰু অন্যান্য কমনৱেলথ ৰাজ্যৰ সমূহৰ নতুন শাসক সিচাপে কিছুমান অস্বাভাৱিক অধিকাৰ থাকিব ৷ ইয়াৰ ভিতৰত আছে পাছপোৰ্ট অবিহনে ভ্ৰমণ কৰিব পৰা ক্ষমতা , অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলোৱা আৰু ইংলেণ্ডৰ সকলো ৰাজহাঁহৰ গৰাকী হ’ব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments