ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ:পুনৰ আন এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এইবাৰ অন্ধ্ৰপ্ৰদেশত দুখন ৰে’লৰ মাজত সংঘৰ্ষ। বিজয়নগৰমত লাইনচ্যুত হয় ৰে’লখনৰ কেইবাটাও দবা। বিশাখাপট্টনমৰ পৰা ৰায়গড়ামুখী আছিল যাত্ৰীবাহী ৰে’লখন। ৰে’ল দুৰ্ঘটনাত ১৫জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা। দুখন ৰে’লৰ মাজত সংঘটিত এই ভয়ানক সংঘৰ্ষ। বিজয়ানগৰমত যাত্ৰীবাহী ৰে’লৰ ৩টাকৈ দবা লাইনচ্যুত।
হাওৰা–চেন্নাই লাইনত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১৩জনলৈ বৃদ্ধি পাইছে। এই ঘটনাত ৫০জন লোক আহত হৈছে। আৰক্ষী অধীক্ষক এম দীপিকাই সোমবাৰে এই তথ্য সদৰি কৰিছে। এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত ১৮খন ৰে’ল বাতিল কৰাৰ লগতে ২২খন ৰে’লৰ পথ সলনি কৰা হৈছে। ইষ্ট কোষ্ট ৰে’লৱেৰ চিপিআৰঅ’ বিশ্বজীত সাহুৱে এই তথ্য সদৰি কৰিছে। বিজয়নগৰম জিলাত ৰে’ল দুৰ্ঘটনাৰ পিছত ৯খন ৰে’ল বিজয়ৱাড়া–নাগপুৰ–ৰায়পুৰ–ঝাৰসুগুড়া–খড়গপুৰৰ পথলৈ সলনি কৰা হয়। দেওবাৰে সন্ধিয়া বিশাখাপট্টনমৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত কান্তপল্লেত পলাসা পেছেঞ্জাৰ ৰে’লখনে ৰায়গড়া পেছেঞ্জাৰ ৰে’লখনক পিছফালৰ পৰা খুন্দা মাৰে, ফলত তিনিটা ডবা লাইনচ্যুত হয়।
বিজয়নগৰমৰ কালেক্টৰ এছ নাগলক্ষ্মীৰ পৰা জানিব পৰা মতে, এই ৰে’ল দুৰ্ঘটনাত কমেও ৫০জন লোক আহত হয়। আহতসকলক বিশাখাপট্টনম আৰু বিজয়নগৰমৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে দুৰ্ঘটনাত দুখ প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ ১০ লাখকৈ টকা আৰু আহতসকললৈ ২ লাখকৈ টকাৰ সাহায্য ঘোষণা কৰে। দুৰ্ঘটনা সম্পৰ্কীয় তথ্যৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰো।