ডিজিটেল ডেস্ক ANEWS24X7: ৰাণী এলিজাবেথ দ্বিতীয়ক শ্ৰদ্ধা জনাই ভাৰতত পালন কৰা হ’ব এদিনীয়া শোক দিৱস ৷ বৃহস্পতিবাৰে অন্ত পৰিল ব্ৰিটেইনৰ এটা অধ্যায় ৷ বৃহস্পতিবাৰে ইহলিলা সম্বৰণ কৰিছিল ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ই ৷ ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
ৰাণী এলিজাবেথ শ্ৰদ্ধা জনাই ১১ ছেপ্টেম্বৰ তাৰিখে দেশজুৰি পালন কৰা হ’ব ৰাষ্ট্ৰীয় শোক দিৱস ৷
এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এক জাননী জাৰি কৰিছে ৷ জাননীখনৰ জৰিয়তে গৃহমন্ত্ৰালয় কয় যে , ‘‘ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ ৮ ছেপ্টেম্বৰত মৃত্যু হৈছিল । তেওঁ গ্ৰেট ব্ৰিটেইনৰ ৰাণী আছিল । তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই ১১ ছেপ্টেম্বৰত দেশজুৰি পালন কৰা হ’ব ৰাষ্ট্ৰীয় শোক দিৱস পালন । সেই দিনা সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পতাকা অৰ্ধ-নৰ্মিত কৰোৱা হ’ব ৷ লগতে এই দিনটোত কোনো সাংস্কৃতিক অনুষ্ঠান কৰা নহ’ব ৷ ’’