Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়বৰষুণৰ পিছতো দিল্লীলৈ সকাহ ঘূৰি নাহিল

বৰষুণৰ পিছতো দিল্লীলৈ সকাহ ঘূৰি নাহিল

ডিজিটেল ডেস্ক, ১৫ নৱেম্বৰ: দীপাৱলীৰ পিছত পুনৰ ৰাজধানী দিল্লীৰ বায়ুৰ গুণাগুণ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰিসংখ্যা অনুসৰি দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণ (বায়ুৰ গুণাগুণ সূচকাংক বা একিউআই) প্ৰায় ৪০০। দীপাৱলীৰ কেইবাদিনো আগেয়ে বায়ুৰ গুণাগুণ বৃদ্ধি পালে। কিন্তু দীপাৱলীৰ পাছত দিল্লীৰ বেছিভাগ ঠাইতে পুনৰ বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা। বুধবাৰে পুৱা ৬ বজালৈকে দিল্লীৰ আৰ কে পুৰম অঞ্চলত বায়ুৰ গুণাগুণ ৪১৭, আনন্দ বিহাৰ আৰু নাৰেলা অঞ্চলত একিউআই স্তৰৰ ৪৩০, ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এলেকাত ৪০৩, পাঞ্জাবী বাগ অঞ্চলত ৪২৩।

যোৱা বৃহস্পতিবাৰৰ নিশাৰ পৰা শুকুৰবাৰে পুৱালৈকে দিল্লীত সামান্যৰ পৰা মধ্যমীয়া বৰষুণ হৈছিল। পৰিৱেশবিদসকলে অনুমান কৰিছিল যে বৰষুণ দিলেহে ৰাজধানীৰ বায়ুৰ গুণাগুণ উন্নত হ’ব পাৰে। বৃহস্পতিবাৰৰ পৰা দিল্লীত বৰষুণ আৰম্ভ হোৱাৰ পিছতো কিছু সকাহ ঘটিল। যদিও প্ৰদূষণৰ মাত্ৰাত বিশেষ পৰিৱৰ্তন হোৱা নাছিল, তথাপিও বহু লোকে দাবী কৰিছিল যে বিষাক্ত ধোঁৱাৰ কম্বলখন কমি গৈছে। কিন্তু দীপাৱলী উপলক্ষে তীব্ৰ শব্দ আৰু ফটকা ব্যৱহাৰ, যান-বাহনৰ ধোঁৱা বৃদ্ধি, বায়ুৰ গুণাগুণ কমি অহাৰ লগতে দিল্লীৰ প্ৰদূষণৰ পৰিস্থিতি পুনৰ ‘ভয়ংকৰ’ হৈ পৰিছে।

কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি আহিছে। তেওঁ কেইবাবাৰো কৰ’নাত আক্ৰান্ত হৈছে। এই ধোঁৱা আৰু প্ৰদূষিত বায়ুৰ বাবে দুমাহ পূৰ্বে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া ছোনিয়াৰ বুকুত পুনৰ সংক্ৰমণ হ’ব পাৰে বুলি আশংকা কৰিছে চিকিৎসকে। উশাহ-নিশাহৰ কষ্টো বৃদ্ধি পাব পাৰে। দিল্লীৰ ভয়াবহ প্ৰদূষণৰ বাবে ৰোগ বাঢ়িব পাৰে, সেয়েহে চিকিৎসকে তেওঁক আপাততঃ ৰাজধানী এৰি যাবলৈ পৰামৰ্শ দিছে। সেই পৰামৰ্শ মানি চলি তেওঁ নিৰ্বাচনমুখী ৰাজ্য ৰাজস্থানৰ ৰাজধানী জয়পুৰলৈ গৈ আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments