Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ব্ৰিটিছ সম্ৰাট পঞ্চম জৰ্জৰ স্থানত নেতাজী সুভাষ চন্দ্ৰ বসু , নেতাজীৰ জীয়ৰী...

ব্ৰিটিছ সম্ৰাট পঞ্চম জৰ্জৰ স্থানত নেতাজী সুভাষ চন্দ্ৰ বসু , নেতাজীৰ জীয়ৰী অনিতাই জনালে আদৰণি

ডিজিটেল ডেস্ক ANEWS24X7: ব্ৰিটেইনৰ সম্ৰাট জৰ্জ পঞ্চমৰ স্থানত অধিস্থিত কৰা হ’ল নেতাজী সুভাষ চন্দ্ৰ বসুৰ মূৰ্তি ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইণ্ডিয়া গেটত উদ্ধোধন কৰিলে নেতাজি সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি ৷ ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে আদৰণি জনাইছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ কন্যা অনিতা বসু পাফে ৷ এটা সাক্ষাতকাৰত নেতাজিৰ জীয়ৰী অনিতাই কয় যে , ‘‘ নেতাজীৰ মূৰ্তিটো সম্ৰাট পঞ্চম জৰ্জৰ প্ৰতিমূৰ্তিৰ স্থানত স্থাপন কৰা হৈছে ৷ এটা সময়ত ঔপনিৱেশিক শক্তিৰ প্ৰতিমূৰ্তি থকা স্থানত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম গুৰুত্বপূৰ্ণ নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি সেই স্থানত অধিস্থিত কৰাটো প্ৰতিকি ৰূপত মূল্য অপৰিসীম ৷’’

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীয়ৰী অনিতা বসু পাফেক উক্ত অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিল যদিও উপস্থিত থাকিব নোৱাৰিলে অনিতা ৷ এই সন্দৰ্ভত অনিতায় কয় যে ,‘‘ মই যিমান দূৰ জানো , প্ৰধানমন্ত্ৰী অতি কম সময়ৰ বাবে উপস্থিত থাকিব আৰু তেওঁক কেৱল দীঘলীয়া দূৰত্বৰ পৰাহে চাব পাৰিব ৷ মই সেই স্থানত থকা নথকাটো কোনোৱে ধ্যান নিদিব ৷’’ ইয়াৰ লগতে অনিতাই কয় যে , ‘‘ইমান দশকৰ পাছতো , ভাৰতৰ জনসাধাৰণে তেওঁৰ নাম আৰু স্মৃতি বজাই ৰখাৰ বাবে মই অভিভূত হৈছো ৷ যদিও স্বাধীনতা সংগ্ৰামত তেওঁৰ ভূমিকাক অনুষ্ঠানিকভাবে স্বীকৃতি দিয়া হোৱা নাই , তথাপিও মানুহে তেওঁক মনত ৰাখিছে ৷ তেওঁ ভাৰত গঠনত অতি গুৰুত্বপৰ্ণ ভূমিকা পালন কৰিছিল ৷ স্বাধীন ভাৰতৰ অভিজ্ঞত লাভ কৰাটো মোৰ দেউতৰ লক্ষ্য আছিল ৷ দুৰ্ভাগ্যবশতঃ আকাস্মিক মৃত্যুৰ বাবে তেওঁৰ এই আশা পূৰণ নহ’ল ৷ মই ভাবো মোৰ দেউতাৰ শেষ চিহ্নটোৱে ভাৰতৰ ভূমিত স্পৰ্শ কৰিব পাৰিব ৷’’

উল্লেখ্য যে , প্ৰথম বিশ্বযুদ্ধ আৰু তৃতীয় এংলো-আফগান যুদ্ধত মৃত্যু হোৱা ব্ৰিটিছ-ভাৰতীয় সৈনিক সকলৰ স্মৃতিত ১৯৩১ চনত বৰ্তমানৰ ইণ্ডিয়া গেটত ‘‘সৰ্বভাৰতীয় যুদ্ধ স্মাৰক’’ নিৰ্মাণ কৰা হৈছিল ৷ তাৰে এটা ছাউনিত ব্ৰিটেইনৰ সম্ৰাট জৰ্জ পঞ্চমৰ এটা মূৰ্তি আছিল ৷ ১৯৬৪ চনত সেই প্ৰতিমূৰ্তিটো দিল্লীৰ কৰোনেচন পাৰ্কলৈ স্থানান্তৰিত কৰা হৈছিল ৷ সেই স্থানতে বৃহস্পতিবাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments