ডিজিটেল ডেস্ক, ৭ফেব্ৰুৱাৰী: সংসদত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণ সন্দৰ্ভত আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদৰ প্ৰস্তাৱত ভাষণ ৰাখে। সদনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ৭৫ সংখ্যক গণৰাজ্য দিৱস দেশৰ অমৃত যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি আৰু ভাষণৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ আত্মবিশ্বাসৰ বিষয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে আলোকপাত কৰে যে, ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ লগতে ভাৰতৰ নাগৰিকৰ সামৰ্থ্যক স্বীকাৰ কৰে।
তেওঁ ৰাষ্ট্ৰপতিজনক তেওঁৰ প্ৰেৰণাদায়ক ভাষণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে যিয়ে জাতিটোক ভাৰতৰ সংকল্প সাধন কৰিবলৈ পথ প্ৰদৰ্শন কৰে। ৰাষ্ট্ৰপতিৰ ভাষণত ‘ধন্যবাদৰ প্ৰস্তাৱ’ সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনাৰ বাবে সদনৰ সদস্যসকলকো ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। “ৰাষ্ট্ৰপতিৰ ভাষণত ভাৰতৰ বৰ্ধিত আত্মবিশ্বাস, আশাব্যঞ্জক ভৱিষ্যত আৰু জনসাধাৰণৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল”, প্ৰধানমন্ত্ৰীয়ে কয়।
সদনৰ পৰিৱেশ সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, “বিৰোধীয়ে মোৰ কণ্ঠ দমন কৰিব নোৱাৰে, কাৰণ দেশৰ জনসাধাৰণে এই কণ্ঠক শক্তি দিছে”। প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা বিত্ত, ‘ফ্ৰেজিল ফাইভ’ আৰু ‘পলিচি পেৰালাইছিছ’ৰ লিকেজৰ সময় স্মৰণ কৰি কয় যে, বৰ্তমানৰ চৰকাৰে দেশখনক পূৰ্বৰ জঞ্জালৰ পৰা উলিয়াই আনিবলৈ যথেষ্ট বিবেচনাৰে কাম কৰিছে। ‘কংগ্ৰেছ চৰকাৰৰ ১০ বছৰীয়া শাসনকালত সমগ্ৰ বিশ্বই ভাৰতৰ বাবে ‘ফ্ৰেজিল ফাইভ’ আৰু নীতিগত পক্ষাঘাতৰ দৰে শব্দ ব্যৱহাৰ কৰিছিল। আৰু আমাৰ ১০ বছৰত – শীৰ্ষ ৫ খন অৰ্থনীতিৰ ভিতৰত আজি ভাৰত। আজি পৃথিৱীয়ে আমাৰ বিষয়ে এনেকৈয়ে কয়”।
চাৰিটা গুৰুত্বপূৰ্ণ জাতি ক্ৰমে নাৰী শক্তি, যুৱ শক্তি, দৰিদ্ৰ আৰু অন্নদাতা সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ ভাষণৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে, ভাৰতৰ এই চাৰিটা মূল স্তম্ভৰ বিকাশ আৰু প্ৰগতিৰ ফলত জাতিটো উন্নত হ’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে, ২০৪৭ চনৰ ভিতৰত আমি বিকশিত ভাৰত লাভ কৰিব বিচাৰিলে ২০ শতিকাৰ পন্থাই কাম নকৰে।
প্ৰধানমন্ত্ৰীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অবিচি সম্প্ৰদায়ৰ অধিকাৰ আৰু উন্নয়নৰ কথাও স্পৰ্শ কৰি কয় যে, ৩৭০ অনুচ্ছেদ বাতিলৰ ফলত এই জনগোষ্ঠীসমূহে জম্মু-কাশ্মীৰত দেশৰ বাকী অংশৰ দৰেই অধিকাৰ লাভ কৰাটো নিশ্চিত হয়।
ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ পূৰ্বৰ শোচনীয় অৱস্থাৰ বিপৰীতে এতিয়া BSNLৰ দৰে উদ্যোগে 4G আৰু 5Gৰ ক্ষেত্ৰত আগবাঢ়িছে, HALয়ে অভিলেখ সৃষ্টি কৰিছে আৰু এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ কাৰখানা হৈছে কৰ্ণাটকৰ HAL। LICও অভিলেখসংখ্যক শ্বেয়াৰৰ মূল্যৰ সৈতে ফুলি উঠিছে। প্ৰধানমন্ত্ৰী মোদীয়ে সদনত অৱগত কৰে যে, দেশত PSUৰ সংখ্যা ২০১৪ চনত ২৩৪ৰ পৰা আজি ২৫৪টালৈ বৃদ্ধি পাইছে, আৰু ইয়াৰে অধিকাংশই বিনিয়োগকাৰীৰ দৃষ্টি আকৰ্ষণ কৰি অভিলেখ সৃষ্টি কৰিছে।
ক’ভিড মহামাৰীৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ২০খন বৈঠকৰ অধ্যক্ষতা কৰাৰ কথা সোঁৱৰাই দিয়ে আৰু এই প্ৰত্যাহ্বান মুখামুখিকৈ মোকাবিলা কৰাৰ বাবে সমগ্ৰ যন্ত্ৰটোক কৃতিত্ব দিয়ে।
সমগ্ৰ দেশতে অনুষ্ঠান আয়োজন কৰাৰ লগে লগে G-20ৰ উন্মোচন আৰু গৌৰৱ সকলো ৰাজ্যতে বিয়পোৱাৰ কথাও উল্লেখ কৰে। তেওঁ বিদেশী গণ্যমান্য ব্যক্তিক বিভিন্ন ৰাজ্যলৈ নিয়াৰ প্ৰথাও আঙুলিয়াই দিয়ে।
অনাগত ৫ বছৰত চিকিৎসা আন্তঃগাঁথনিৰ অগ্ৰগতি অব্যাহত থাকিব আৰু চিকিৎসা অধিক সুলভ হ’ব, প্ৰতিটো ঘৰতে পাইপলাইনৰ পানী থাকিব, পি এম আৱাসৰ চেচুৰেচন হ’ব, কোটি কোটি ঘৰৰ প্ৰাপ্য বিদ্যুতৰ বিল শূন্য হ’ব, সৌৰশক্তি, পাইপ ৰন্ধন গেছলৈকে সমগ্ৰ দেশতে ষ্টাৰ্টআপ বৃদ্ধি পাব, পেটেণ্ট দাখিলে নতুন অভিলেখ ভংগ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে সদনক আশ্বাস দি,য়ে যে অহা ৫ বছৰত প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতীয় যুৱক-যুৱতীসকলৰ সামৰ্থ্য বিশ্বই সাক্ষী হ’ব, ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ পৰিৱৰ্তন হ’ব, আত্মনিৰ্ভৰ ভাৰত অভিযানে নতুন উচ্চতা লাভ কৰিব, মেড ইন ইণ্ডিয়াই অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিকছৰ ক্ষেত্ৰখনত আধিপত্য বিস্তাৰ কৰিব।
তৃণমূল পৰ্যায়ৰ অৰ্থনীতিৰ ৰূপান্তৰৰ কথা কওঁতে প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটৰ কথাও উল্লেখ কৰে। তেওঁ কয়, “৩ কোটি লাখপতি দিদিয়ে নাৰী সৱলীকৰণৰ নতুন চিত্ৰনাট্য লিখিব।” “২০৪৭ চনৰ ভিতৰত ভাৰতে নিজৰ সোণালী সময়ছোৱা পুনৰ জীয়াই তুলিব”, বিকশিত ভাৰতৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়।
ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাৰ অধ্যক্ষক সদন আৰু জাতিৰ সন্মুখত তথ্য দাঙি ধৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক প্ৰেৰণাদায়ক ভাষণৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে।