Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়ছালৰ ৰোগত দেশৰ ৫৭,০০০ গোধনৰ মৃত্যু

ছালৰ ৰোগত দেশৰ ৫৭,০০০ গোধনৰ মৃত্যু

ডিজিটেল ডেস্ক, ANEWS24X7: দেশৰ কৃষক সকলৰ বাবে এটা দু-খবৰ ৷ দেশত এতিয়া তীব্ৰ গতিত বৃদ্ধি পাইছে ‘লাম্পি স্কিন ডিজিজ’ ৰোগৰ ঘটনা ৷ এই ৰোগৰ ফলত দেশত বৰ্তমানলৈকে ৫৭,০০০ টা গোধনৰ মৃত্যু হৈছে ৷ এই ৰোগ সম্প্ৰতি দেশৰ ৬ ৰ পৰা ৭ খন ৰাজলৈ তীব্ৰ গতিত বিয়পি পৰিছে ৷ ই এক প্ৰকাৰৰ ভাইৰেল সংক্ৰামক ছালৰ ৰোগ ৷

এই ৰোগৰ দ্বৰা আক্ৰান্ত হলে গোধনৰ মৃত্যুৰ আশংকা থাকে ৷ সাধাৰণতে এই ৰোগবিধ বৰষুণৰ বতৰৰ শেষত মহ আৰু মাখিৰ প্ৰজননৰ সময়ত বিয়পে ৷ ৰোগবিধত আক্ৰান্ত হলে প্ৰথমতে জ্বৰ হয় আৰু এটা সময়ত খোৱা বন্ধ কৰি দিয়ে ৷ জ্বৰৰ সৈতে মুখ আৰু নাকৰ পৰা লেলাৱতি ওলাই আহে আৰু ভৰি ফুলি যায়। প্ৰভাৱিত গৰুৰ শৰীৰৰ বিভিন্ন অংশৰ ছালে পিণ্ডৰ আকাৰ লয়, চুলি ওপৰলৈ উঠে আৰু ঘাঁ সৃষ্টি হয় । পিছলৈ ই শৰীৰলৈ আন আন অংশলৈও বিয়পি পৰে।

এই ৰোগে গুজৰাট, ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা, অন্ধ্ৰ প্ৰদেশ আৰু উত্তৰ প্ৰদেশকে আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে ৷ আনহাতে মহাৰাষ্ট্ৰত সোমবাৰৰ দিনটোত এই ৰোগত আক্ৰান্ত হৈ ৪২ টা গোধনৰ মৃত্যু হৈছে ৷ এই ৰোগ সন্দৰ্ভত কেন্দ্ৰীয় মীন পালন ,পশুপালন আৰু দুগ্ধ জাত ৰক্ষা মন্ত্ৰী পৰশোত্তম ৰূপাই সতৰ্কতা জাৰি কৰিছে ৷লগতে এই ৰোগত প্ৰভাৱিত ৰাজ্যসমূহত ৰোগ নিয়ন্ত্ৰণ কৰিবৰ বাবে টিকাকৰণ কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ নিৰ্দেশনা দিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments