ডিজিটেল ডেস্ক, ANEWS24X7: বিপদত ৰাছিয়ান সেনা ৷ ৰাছিয়াৰ দখনৰ পৰা ইউক্ৰেইনৰ সেনাৰ দখললৈ গৈছে ইটোৰ পিছত সিটো অঞ্চল ৷ বিগত কিছু দিন ধৰি ৰাছিয়া সেনাৰ দখনত থকা কেইবাটাও অঞ্চল পুনৰ উদ্ধাৰ কৰে ইউক্ৰেইন সেনাই ৷ খাৰকিভৰ পিছত এইবাৰ ইউক্ৰেইন সেনাই পুনৰ উদ্ধাৰ কৰে ৰাছিয়া সীমান্তৰ ভেলেকি বাৰলুক অঞ্চল ৷ ভেলেকি বাৰলুক ইউক্ৰেইন সেনাৰ দখললৈ যোৱাৰ পিছত এতিয়া ৰাছিয়ান সেনাই অস্ত্ৰ আৰু যোগানৰ অভাৱৰ সন্মুখীন হ’ব বুলি আশংকা কৰিছে সামৰিক বিশেষজ্ঞ সকলে ৷
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ ঘনিষ্ট সেনা বিষয়া ভেলেৰী জালুঝনিয়ে সমাজিক মাধ্যমত এটা পষ্ট দি কয় যে , ‘‘নেট বাহিনীৰ জৰিয়তে বৰলুক দখল কৰা হৈছে ৷ আমি খাৰকিভৰ পৰা কেৱল দক্ষিণ আৰু পূবলৈ নহয় , উত্তৰলৈও আগবাঢ়িবলৈ আৰম্ভ কৰিছো ৷ আমি ৰাষ্ট্ৰীয় সীমান্তৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত আছো ৷’’
উল্লেখ্য যে , এক প্ৰকাৰে ৰাছিয়ান সেনাৰ দখল মুক্ত হৈছে ইউক্ৰেইন ৷ যোৱা সপ্তাহত উত্তৰ-পশ্চিম ইউক্ৰেইনৰ খাৰকিভ প্ৰদেশৰ ইজুম চহৰখন ইউক্ৰেইন সেনাৰ দখললৈ যায় ৷
ইয়াৰ পিছতে খাৰকিভৰ পৰা ৯০ কিলোমিটাৰ নিলগত থকা বেৰলুক অঞ্চলো ইউক্ৰেইনৰ দখললৈ যায় ৷ এনে পৰিস্থিতিত পুটিনৰ নিৰ্দেশত ডনবাছ অঞ্চলৰ নিয়ন্ত্ৰণ শক্তিশালী কৰিবলৈ ইউক্ৰেইনৰ আন প্ৰান্তৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিছে ।