ডিজিটেল ডেস্ক, ANEWS24X7: দেশৰ দুখন ৰাজ্য গুজৰাট আৰু বিহাৰত নিষিদ্ধ সুৰা ৷ গুজৰাট আৰু বিহাৰৰ দৰে সমগ্ৰ দেশতে সুৰা নিষিদ্ধ কৰিবৰ বাবে উচ্চতম ন্যালয়ত দাখিল কৰা হৈছিল এক আবেদন ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইউইউ ললিত আৰু ন্যায়াধীশ হিমা কোহলী আৰু এছ ৰবীন্দ্ৰ ভাটৰ বিচাৰপীঠত উত্থাপন হৈছিল এই আবেদন ৷ যদিও উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে এই আবেদন ৷
গোচৰটো খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইউইউ ললিতৰ বিচাৰপিঠে কয় যে ,‘‘ প্ৰতিখন ৰাজ্যৰ নিজা নীতি আৰু আইন আছে। এইটো এটা ফেডাৰেল সমস্যা। এই সন্দৰ্ভত আইন জাপি দিয়াটো সম্ভৱ নহয় । যিকোনো ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ এটা মুখ্য অংশ সুৰা বিক্ৰীৰ ওপৰত নিৰ্ভৰ কৰে। এনে ধৰণৰ বিষয় আদালতৰ বাবে নহয়। শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত কোনো আইন প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিব নোৱাৰে।’’
উল্লেখ্য যে বিশাখাপত্তনমৰ দুজন বাসিন্দাই সমগ্ৰ দেশতে সুৰা ওপৰত নিষেধাজ্ঞা বিচাৰি শীৰ্ষ আদালতত এখন পিআইএল দাখিল কৰিছিল ৷ আৱেদনকাৰীৰ অধিবক্তা প্ৰণৱ সচদেৱাই এই সন্দৰ্ভত কয় যে , ‘‘ সুৰাৰ ধ্বংসাত্মক প্ৰভাৱ আছে ৷ বিশেষকৈ সমাজৰ নিম্ন স্তৰৰ লোকসকল ইয়াৰ দ্বাৰা অধিক প্ৰভাৱিত হয় ৷ এনেবোৰ কাৰণতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা মতামত বিচাৰিব লাগে ৷’’