ডিজিটেল ডেস্ক ANEWS24X7: ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বৰ অভিযোগ ৷ ৰাছিয়াই বিদেশী ৰাষ্ট্ৰৰ ৰাজনীতি প্ৰভাবিত কৰিবৰ বাবে ৩০ কোটি মাৰ্কিন ডলাৰতকৈ অধিক টকা বিনিয়োগ কৰিছে ৷ ৰাছিয়াই এই বৃহৎ ধনৰাশী বিদেশী ৰাজনৈতিক দল আৰু নেতা সকলক প্ৰদান কৰিছে ৷ ২০১৪ চনৰ পৰা ৰাছিয়াই গোপনে বিশ্বৰ ২৪ খনতকৈ অধিক দেশৰ ৰাজনীতিবিদসকলক প্ৰভাৱিত কৰিবৰ বাবে ধন খৰচ কৰি আহিছে ৷ চোৰাংচোৱাৰ প্ৰতিবেদনৰ ভিত্তিত এই দাবী কৰিছে আমেৰিকাই ৷
মঙলবাৰে এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰি ৰাছিয়াৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৷ মাৰ্কিন বিদেশ দপ্তৰৰ মুখপাত্ৰ নেড প্ৰইচে কয় যে , ‘‘ৰাছিয়াই বিদেশী ৰাষ্ট্ৰৰ ৰাজনীতিক প্ৰভাৱিত কৰিবৰ বাবে পুঁজি যোগান ধৰাটো সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ ৷’’ বৰ্তমানলৈকে আমেৰিকাৰ এই অভিযোগৰ ওপৰত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৰাছিয়াই ৷’’