Sunday, July 6, 2025
Homeবাণিজ্যআজিৰে পৰা দাম বাঢ়িল সকলো ৰিচাৰ্জ প্লানৰ, পূৰ্বতকৈ কিমান বেছি টকা ভৰিব...

আজিৰে পৰা দাম বাঢ়িল সকলো ৰিচাৰ্জ প্লানৰ, পূৰ্বতকৈ কিমান বেছি টকা ভৰিব লাগিব Jioৰ গ্ৰাহকে? এয়াৰটেল-ভোডাফোনত কিমান বাঢ়িল? চাওক তালিকা

 

ডিজিটেল ডেস্ক ৩জুনঃ আজিৰে পৰা দাম বাঢ়িল ৰিলায়েঞ্চ জিঅ’ৰ সকলো ৰিচাৰ্জ প্লানৰ। এতিয়া পূৰ্বতকৈ ১২ শতাংশৰ পৰা ২৫ শতাংশলৈ অধিক খৰচ কৰিব লাগিব গ্ৰাহকে। কোম্পানীয়ে নতুন দামৰ ঘোষণা কৰিছিল বিগত সপ্তাহত। আজিৰে পৰা নতুন দাম কাৰ্যকৰী হৈছে। সকলোৱে নিজৰ ম’বাইল ফোনত ৰিচাৰ্জ কৰা প্লানৰ বিষয়ে জানিব বিচাৰে। যদি আপুনি জিঅ’ৰ গ্ৰাহক আৰু কি প্লানত কিমান দাম বাঢ়িল সেই সম্পৰ্কে জানিব বিচাৰে, চাওক আহক তালিকা।

মাহিলী প্লানৰ দাম কিমান বৃদ্ধি?
১৫৫ টকাৰ প্লামৰ দাম বৃদ্ধি কৰি ১৮৯ টকা কৰা হৈছে। এই প্লানত মুঠ ২ জিবি ডাটা দিয়া হয়। জিঅ’ৰ ২০৯ টকাৰ প্লানৰ দাম বৃদ্ধি কৰি ২৪৯ টকা কৰা হৈছে। এই প্লানত প্ৰতিদিনে ১ জিবি ডাটা লাভ কৰে গ্ৰাহকে। ২৩৯ টকাৰ প্লানৰ দাম বৃদ্ধি কৰি ২৯৯ টকা কৰা হৈছে। ২৯৯ টকাৰ প্লানৰ দাম ৩৪৯ টকা কৰা হৈছে। ৩৪৯ টকাৰ প্লানৰ দাম বৃদ্ধি কৰি কৰা হৈছে ৩৯৯ টকা। এই সকলো প্লানৰ ভেলিডিটি ২৮ দিনৰ।

২ মাহৰ প্লানৰ দাম কিমান বাঢ়িল?
৪৭৯ টকাৰ প্লানৰ দাম বৃদ্ধি কৰি ৫৭৯ টকা কৰা হৈছে। ইয়াত প্ৰতিদিনে ১.৫ জিবি ডাটা পোৱা যায়। ৫৩৩ টকাৰ প্লানৰ দাম এতিয়া হৈছেগৈ ৬২৯ টকা। ইয়াত দৈনিক ২ জিবি ডাটা লাভ কৰে গ্ৰাহকে।

৩ মাহৰ প্লানৰ দাম কিমান?
জিঅ’ৰ ৮৪ দিনৰ ভেলিডিটিৰ প্লানৰ তালিকাত প্ৰথমে ৩৯৫ টকাৰ প্লান। ইয়াৰ দাম এতিয়া ৪৭৯ টকা। ইয়াত মুঠ ৬ জিবি ডাটা লাভ কৰে গ্ৰাহকে।

৬৬৬ টকাৰ প্লানৰ দাম বৃদ্ধি কৰি কৰা হৈছে ৭৯৯ টকা। ৭১৯ টকাৰ প্লানৰ দাম ৮৫৯ টকা কৰা হৈছে। তালিকাত অন্তিম প্লান ৯৯৯ টকাৰ, ইয়াৰ দাম এতিয়া হৈছেগৈ ১১৯৯ টকা।

বাৰ্ষিক প্লানৰ দাম কিমান বৃদ্ধি?
১৫৫৯ টকাৰ প্লানৰ দাম বৃদ্ধি কৰি এতিয়া কৰা হৈছে ১৮৯৯ টকা। ইয়াত মুঠ ২৪ জিবি ডাটা প্ৰদান কৰা হয়। ২৯৯৯ টকাৰ প্লানৰ দাম এতিয়া ৩৫৯৯ টকা কৰা হৈছে।Data Add-on প্লানৰ দাম বৃদ্ধি

১৫ টকাৰ প্লানৰ দাম বৃদ্ধি কৰি ১৯ টকা কৰা হৈছে। ২৫ টকাৰ প্লানৰ নতুন দাম এতিয়া ২৯ টকা। ৬১ টকাৰ প্লানৰ দাম বৃদ্ধি কৰি কৰা হৈছে ৬৯ টকা।

Postpaid প্লানৰ দামো বৃদ্ধি

২৯৯ টকাৰ প্লানৰ দাম বৃদ্ধি হোৱাৰ পিছত এতিয়া হৈছে ৩৪৯ টকা। ইয়াত ৩০ জিবি ডাটা প্ৰদান কৰে। ৩৯৯ টকাৰ প্লানৰ দাম এতিয়া ৪৪৯ টকা। ইয়াত পোৱা যায় ৭৫ জিবি ডাটা।

এয়াৰটেল ভোডাফোনৰ প্লানৰ দাম কিমান বৃদ্ধি?
জিঅ’ৰ লগতে এয়াৰটেল আৰু ভোডাফোন আইডিয়ায়ো বৃদ্ধি কৰিছে নিজৰ প্লানৰ দাম। এয়াৰটেলৰ দামত ১৫ৰ পৰা ২০ শতাংশ বৃদ্ধি কৰা হৈছে। আনহাতে, ভোডাফোন আইডিয়াৰ দাম ১১ শতাংশৰ পৰা ২৪ শতাংশ বৃদ্ধি কৰা হৈছে। এয়াৰটেলৰ নতুন ৰিচাৰ্জ প্লান আজিৰে পৰা কাৰ্যকৰী হ’ব। আনহাতে, ভোডাফোনৰ নতুন দাম ৪ জুলাইৰ পৰা কাৰ্যকৰী হ’ব।

তিনিওটা টেলিকম কোম্পানীৰ নতুন ৰিচাৰ্জ প্লানলৈ লক্ষ্য কৰিলে দেখা যায় যে এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ তুলনাত জিঅ’ৰ ৰিচাৰ্জ প্লানৰ দাম বৃদ্ধিৰ হাৰ কম।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments