Friday, March 13, 2026
Homeঅসমতিনিচুকীয়াত জি এছ টি বিভাগৰ স’তে জড়িত ব্যক্তিসকলৰ মন্ত্ৰী অশোক সিংঘালৰ গুৰুত্বপূৰ্ণ...

তিনিচুকীয়াত জি এছ টি বিভাগৰ স’তে জড়িত ব্যক্তিসকলৰ মন্ত্ৰী অশোক সিংঘালৰ গুৰুত্বপূৰ্ণ বৈঠক

তিনিচুকীয়া, ৪ জুলাই:- মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি জি এছ টি স’তে জড়িত সৰু সৰু সমস্যাসমূহ বুজ লৈ কেবিনেটত দাখিল কৰিবলৈ আজি তিনিচুকীয়াৰ কনভেনচন চেণ্টাৰত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷

আজি সভাত তিনিচুকীয়া, ডুমডুমা, নাহৰকটীয়া, ডিগবৈ, ডিব্ৰুগড়, লক্ষীমপুৰ আৰু ধেমাজিৰ জি এছ টি ৰ স’তে জড়িত শতাধিক লোক উপস্থিত থাকে ৷ উপস্থিত লোকসকলে সভাত জি এছ টি ৰ স’তে জড়িত বিভিন্ন অভাৱ-অভিযোগ তথা সমস্যাসমূহ উল্লেখ কৰে ৷

সভাত বিশেষভাৱে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে উপস্থিত থকাৰ লগতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক সুৰেণ ফুকন, প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই, তিনিচুকীয়া পৌৰসভাৰ অধ্যক্ষ পবিত্ৰ গগৈ তথা বিভাগীয় বিষয়াসকল উপস্থিত থাকে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments