Tuesday, July 8, 2025
Homeৰাজনৈতিক৫ ৰাজ্যৰ একাধিক জনগোষ্ঠীলৈ অনুসূচীত জনজাতিৰ মৰ্যদা কেন্দ্ৰৰ

৫ ৰাজ্যৰ একাধিক জনগোষ্ঠীলৈ অনুসূচীত জনজাতিৰ মৰ্যদা কেন্দ্ৰৰ

ডিজিটেল ডেস্ক ANEWS24X7: জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । দেশৰ ৫ খন ৰাজ্যৰ বহু জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা হ’ব অনুসূচীত জনজাতিৰ তালিকাত । ছত্তীশগড়, তামিলনাডু, কৰ্ণাটক , হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ একাধিক জনজাতিক প্ৰদান কৰা হ’ব অনুসূচীত জনজাতিৰ মৰ্যদা । বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ।

এই সন্দৰ্ভত কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মু্ণ্ডাই কয় যে ,‘‘ ছত্তীশগড়ৰ ১২ টা জনগোষ্ঠী , হিমাচল প্ৰদেশত চিৰমৌৰ জিলাৰ ট্ৰেন্স-গিৰি অঞ্চলৰ হাট্টী সম্প্ৰদায়ক , তামিলনাডুৰ নাৰিকোৰাভান আৰু কুৰিভিক্কৰণ সকলক , কৰ্ণাটকৰ কাদু কুৰুবাৰ অৰ্থাত বেট্টা-কুৰুবক আৰু উত্তৰ প্ৰদেশৰ গণ্ড জনগোষ্ঠীক প্ৰদান কৰা হ’ব অনুসূচীত জনজাতিৰ মৰ্যদা ।

চৰকাৰে এই ৫ ৰাজ্যৰ অনুসূচীত জনজাতিৰ তালিকা সংশোধনৰ বাবে পৃথক পৃথক বিধেয়ক উত্থাপন কৰিব। বিধেয়ক খন আইনত পৰিনত হলে কেইবা লাখো লোক জনজাতীয় সুবিধা সমূহ চৰকাৰৰ পৰা লাভ কৰিব ।’’

উল্লেখ্য যে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাকলৈ বৰ্তমানেও কেন্দ্ৰীয় চৰকাৰে লোৱা নাই কোনো ধৰণৰ সিদ্ধান্ত । নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা সকলো প্ৰতিশ্ৰুতি বৰ্তমানেও প্ৰতিশ্ৰুতিয়ে হৈ আছে । দীৰ্ঘদিন ধৰি ৰাজ্যত জানজাতিকৰণকলৈ হোৱ তীব্ৰ আন্দোলনৰ পিছতো চৰকাৰে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments