Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়কাশ্মীৰ উপত্যকাত পুনৰ নিৰাপত্তাবাহিনীৰ গুলিত নিহত ২ সন্ত্ৰাসবাদী

কাশ্মীৰ উপত্যকাত পুনৰ নিৰাপত্তাবাহিনীৰ গুলিত নিহত ২ সন্ত্ৰাসবাদী

ডিজিটেল ডেস্ক, ANEWS24X7: কাশ্মীৰ উপত্যকাত অব্যাহত আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান । বুধবাৰে নিশা জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ উপকণ্ঠৰ নাওগাম অঞ্চলত হোৱা এক সংঘৰ্ষত নিহত হয় দুজন সন্ত্ৰাসবাদী । নিৰ্দিষ্ট তথ্যৰ ভিত্তিত নিৰাপত্তাবাহিনীয়ে সন্ত্ৰাসবাদী সংগঠন আনছাৰ গজৱত-উল-হিন্দৰ ঘাটিত এক অভিযান চলাই ।

অভিযানকালত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত ৰছুল নাজাৰ আৰু শ্বাহিদ আহমেদ ওৰফে আবু হামজা নামৰ দুজন সন্ত্ৰাসবাদী নিহত হয় ।

চলিত মাহৰ আৰম্ভণিতে পুলৱামাত এজন শ্ৰমিকক গুলীয়াই হত্যা কৰা ঘটনাৰ লগত জৰিত আছিল এই দুজন সন্ত্ৰাসবাদী ।

আল-কায়দাৰ আদৰ্শত বিশ্বাসী আনছাৰ গজৱত-উল-হিন্দৰ উগ্ৰপন্থী সংগঠটোৱে কাশ্মীৰ উপত্যাকাত সংঘটিত কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জৰিত হৈ আছে ।পাকিস্তানৰ গুপ্তচৰ সংস্থা আই এছ আইৰ সমৰ্থিত উগ্ৰপন্থী সংগঠনটোৰ মুল লক্ষ্য হৈছে নিৰাপত্তা বাহিনী আৰু কাশ্মীৰী পণ্ডিতসকল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments