Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়পথ দুৰ্ঘটনাত আহত ইউক্ৰেনৰ ৰাষ্ট্ৰপতি জেলেনস্কি

পথ দুৰ্ঘটনাত আহত ইউক্ৰেনৰ ৰাষ্ট্ৰপতি জেলেনস্কি

ডিজিটেল ডেস্ক, ANEWS24X7: দুৰ্ঘটনাত পতিত হয় যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কি ৷বুধবাৰে নিশা ইউক্ৰেইনৰ ৰাজধানী কিভৰ উপকণ্ঠ অঞ্চলত এখন যাত্ৰীবাহী বাহনে ৰাষ্ট্ৰপতি জেলেনস্কিৰ বাহনত আৰুু কনভয়ত খুন্দা মাৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ নিশা প্ৰায় ১.২২ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয় ৰাষ্ট্ৰপতি জেলেনস্কি ৷

এই সন্দৰ্ভত ইউক্ৰেইন চৰকাৰৰ মুখপাত্ৰ ছেৰ্গেই নিকিফোৰ্বে কয় যে , ‘‘ দুৰ্ঘটনাটোৰ ফলত কেইবাজনো যাত্ৰী গুৰুত্বৰভাৱে আহত হৈছে ৷ আহত সকলক ৰাষ্ট্ৰপতিৰ বাহনত থকা চিকিৎসক সকলে তাৎক্ষণিক ভাবে চিকিৎসা প্ৰদান কৰে ৷’’ ইউক্ৰেইনৰ এক সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি যুদ্ধবিধ্বস্ত খাৰকিভ ভ্ৰমণ কৰি ৰাজধানী কিভলৈ উভতি যোৱাৰ সময় দুৰ্ঘটনাত পতিত হয় বাহন খন ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments