Wednesday, March 11, 2026
Homeঅসমবি আৰ অ'ৰ পূৱ মণ্ডল মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন

বি আৰ অ’ৰ পূৱ মণ্ডল মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন

গুৱাহাটী , ১৫ আগষ্ট : ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য কাৰ্যালয় চৌহদত আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । পুৱা বিষয়া – জোৱান , অভিযন্তাৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বি আৰ অ’ৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান হৰেন্দ্ৰ কুমাৰে ।

ভাষণ প্ৰসংগত হৰেন্দ্ৰ কুমাৰে দেশৰ স্বাধীনতা আন্দোলনৰ সেনানী সকলৰ চৰম বলিদান , আত্মত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি ব্ৰিটিছৰ ২০০ বছৰীয়া গোলামিৰ অন্তত ১৫ আগষ্টত দেশে লাভ কৰা স্বাধীনতা দিৱসৰ দিনটোৰ ঐতিহাসিক তাৎপৰ্য দাঙি ধৰে। একেদৰে বাহিনীটোৰ বিষয়া – জোৱান , অভিযন্তা সকলে নিজৰ জীৱনক তুচ্ছ কৰিও দেশৰ সীমান্তৰ অতি দুৰ্গম ঠাইত বাট , পথ, দলং, সুৰংগ আদি নিৰ্মাণ কাৰ্যত জড়িত হৈ যোগাযোগ ব্যৱস্থাটোৰ উন্নয়ন সাধনৰে দেশমাতৃৰ সেৱা আগবঢ়াই অহা কথাটোৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।

ইফালে অনুষ্ঠানত উপস্থিত থকা শিশু সকলৰ সৈতে মত – বিনিময় কৰাৰ লগতে তেওঁলোকৰ মাজত হৰেন্দ্ৰ কুমাৰে পতাকা, টুপী আৰু চকলেট বিতৰণ কৰি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । অনুষ্ঠানত নিষ্ঠাৰে কৰ্তব্য পালন কৰা বাবে স্বাধীনতা দিৱস উপলক্ষে বাহিনীটোৰ ফালৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰা দুই কৰ্মী ক্ৰমে ভূপেল সিং অধিকাৰী আৰু ৰাম প্ৰবেশ কুমাৰক সন্মান প্ৰদান কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments