Friday, March 13, 2026
Homeঅসম'আলফাই নিজৰ শক্তি দেখুৱাইছে': অনুপ চেতিয়া

‘আলফাই নিজৰ শক্তি দেখুৱাইছে’: অনুপ চেতিয়া

ডিজিটেল ডেস্ক, ১৬আগষ্ট: আলফা স্বাধীনৰ এক প্ৰেছ বিবৃতিৰ পিছতে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল ।তিনিচুকীয়া আৰক্ষীৰ এটা বৃহৎ দলে ব্যাপক অভিযান চলাই আছে আজিও পানীতোলাত।পানীতোলাত এতিয়াও উদ্ধাৰ নহ’ল বোমা। পানীতোলাৰ লগতে ভিন্ন অঞ্চলত অভিযান চলাইও বোমা উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল তিনিচুকীয়াৰ আৰক্ষী। আলফাই কোন স্থানত বোমাকেইটা স্থাপন কৰিছিল সেইকথা বিবৃতিত উল্লেখ নকৰাৰ বাবেই বিমোৰত পৰিছে এতিয়া তিনিচুকীয়া আৰক্ষী

আলফাৰ প্ৰাক্তন নেতা অনুপ চেতিয়াৰ পানীতোলাস্থিত বাসগৃহত আজি আৰক্ষীৰ এটা বৃহৎ দলে অনুসন্ধান অব্যাহত ৰাখিছে।আজি তলব কৰা‌ হ’ল প্ৰাক্তন আলফা নেতাসকলক। ধিং থানা, জাজৰী থানা, ৰাজ্যৰ সকলো থানাত প্ৰাক্তন নেতা‌সকলক তলব কৰা হৈছে। ইফালে ‌ আলোচনাপন্থী নেতা অনুপ চেতিয়াই ক’লে, ‘‘আলফা‌  আজিও শক্তিশালী। চৰকাৰে শীঘ্ৰে আলোচনালৈ মাতিব লাগে, নহ’লে আকৌ ৰাঙলী হ’ব। আজিও ধেমাজি কাণ্ডৰ কলংক পিঠিত লৈ ঘুৰি ফুৰিছো।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments