Thursday, March 12, 2026
Homeঅসমমাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধৰ দিন সাল-সলনি

মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধৰ দিন সাল-সলনি

ডিজিটেল ডেস্ক, ২২আগষ্ট:ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধৰ দিন সাল-সলনি। ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্ট কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী বন্ধ।

পূৰ্বে ২৩ আগষ্ট মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধ ঘোষণা কৰা হৈছিল। কিন্তু তিথি অনুযায়ী ২৪ আগষ্টতে পালন কৰা হ’ব মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। তিৰোভাৱ তিথি পালনৰ দিন আৰু চৰকাৰী বন্ধৰ দিনক লৈ সৃষ্টি হৈছিল বিভ্ৰান্তিৰ। কিন্তু সেই বিভ্ৰান্তিৰ অৱসান ঘটালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ২৪ আগষ্টত বন্ধ লাভ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments