Tuesday, March 17, 2026
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল:
যদি আপুনি বহুত বেছি মানসিক অশান্তি পাই থাকে তেনেতে শিশুসকলৰ লগত সময় অতিবাহিত কৰক । সিহঁতৰ মৰম ভৰা আলিংগনে আৰু হাঁহিয়ে আপোনাৰ সকলো দুখ কষ্ট নোহোৱা কৰি দিব পাৰে। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হব কিন্তু পইচা আপোনাৰ হাতত নাহিব। ঘৰুৱা বিষয় সমূূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ।আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে,যদিহে আপুনি বন্ধু-বান্ধৱৰ লগত সন্ধিয়া সময়ত ফুৰিব যাব পাৰে। পৰপ্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। ছাত্ৰই নিজৰ দুৰ্বল বিষয় লৈ শিক্ষকৰ কাষ চাপিব পাৰে আৰু শিক্ষকৰ পৰামৰ্শ অনুযায়ী আপুনি সেই বিষয়ৰ জটিলতা বুজি পোৱাত সহায় হ’ব।

 

বৃষ ৰাশি ফলাফল
নিজকে পৰিস্কৃত-পৰিচ্ছন্ন কৰি ৰখাৰ চেষ্টা আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব- আপুনি নিজকে ভাল আৰু আত্ম-বিশ্ৱাসী কৰি গঢ়ি তুলিব পাৰিব। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হব। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। প্ৰেমৰ ফালেদি আজি দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি। আজি মগজুৰ বহুত ব্যায়াম হব পাৰে , আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হব পাৰে লগতে বৰ্গ সাথঁৰৰ খেলো হব পাৰে ,আন কিছুমানে গল্প,চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। আজি আপোনাৰ জীৱন সংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে। আজি আপুনি নিজকে সন্তুষ্ট কৰিবৰ বাবে অধিক সময় অতিবাহিত কৰিব যেনে চুলিত নতুন ডিজাইনৰ ষ্টাইল দিয়া ,স্পা কৰোৱা ,এইবোৰ কৰিলে আপুনি বহুত ভাল আৰু সতেজ অনুভৱ কৰিব।

 

মিথুন ৰাশি ফলাফল
মনত জমা হৈ থকা সমস্যা অথবা অসুবিধা সমূহ প্ৰকাশ নকৰিলে মানসিক ভাৱে হতাশ হৈ যাব পাৰে। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহত পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিলে আপুনি আৰ্থিক ভাৱে দূৰ্বল হৈ পৰিব। এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কাৰি আছিল ,সেই সময় শেষ হৈ গৈছে -কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱন-সংগী লাভ কৰিব। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। আজি ৰাতি আপুনি নিজৰ নিকটতম বন্ধুৰ লগত ফোনত বহুসময় কথা পাতিব পাৰে আৰু জীৱনত ঘটি থকা কথাবোৰ জনাব পাৰে।

 

কৰ্কট ৰাশি ফলাফল
আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হব আৰু আপোনাক সদায় সুখী ৰাখিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। পাৰম্পৰিক নিয়ম আৰু কোনোবা পৱিত্ৰ আয়োজন ঘৰত কৰা উচিত । প্ৰেমৰ ভৰপূৰ আনন্দ লওক। সেইবস্তু বোৰ পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই , আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হব আৰু একো নহয়। আজি দিনটো আপোনাৰ আৰু জীৱন সংগীৰ মাজত আত্মীয়তা পূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। স্বাস্থ্য ভালে ৰাখিবৰ বাবে দৌৰাটো আপোনাৰ পক্ষে লাভদায়ক হব ,কাৰণ দৌৰাতো বিনামূল্য হোৱাৰ লগতে এটা ভাল শাৰীৰিক ব্যায়ামও হয়।

 

সিংহ ৰাশি ফলাফল
কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। বন্ধু আপোনাৰ ব্যক্তিগত জীৱনত লগাতকৈ অধিক হস্তক্ষেপ কৰিব। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰ বাবে আজি আপুনি বহুত দুখী হব। সময়তকৈ অধিক একো হব নোৱাৰে । সেইবাবে আপুনি সময়ৰ সদ্ব্যৱহাৰ কৰে কিন্তু বহুত সময়ত জীৱনটোক অলপ অৱসৰো দিব লাগে আৰু পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰিব লাগে। কোনোবা বন্ধু অথবা ওচৰ- চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক -বিতণ্ডতা হব পাৰে। আজিিৰ দিনটো আপোনাৰ বাবে এটা লেখত লবল’গীয়া দিন হ’ব পাৰে ,, আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱাৰ পৰিকল্পনা হব পাৰে।

 

কন্যা ৰাশি ফলাফল
অন্যৰ ইচ্চাৰ লগত আপোনাৰ ইচ্চা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ’ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। আপোনাৰ জীৱন সংগীক চাৰ প্ৰাইজ দি থাকক,নহ’লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাৱিব ধৰিব। সপ্তাহত ছুটিৰ দিনাখন অফিচৰ বছৰ নাম নিজৰ মোবাইলত দেখিলে কাৰ বাৰু ভাল লাগিব ? কিন্তু এই সপ্তাহত আপোনাৰ লগত এনেকুৱাই কিবা হব পাৰে।

 

তুলা ৰাশি ফলাফল
বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰা বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। নিজৰ প্ৰিয়জনৰ সৰু-সুৰা ভুল সমূহক এৰাই চলক। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক ,এনেকৈ শুনিলে আপুনি আজি নিশ্চিত ভাৱে লাভ্ৰ মুখ দেখিবলৈ পাব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব । প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই ,এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমাস্পদক ক’ব লাগে যাৰ ফলত তেখেতৰ আপোনাৰ বিশ্বাস গভীৰ হব লগতে প্ৰেমত এক নতুনত্ব প্ৰাপ্ত হ’ব

 

বৃশ্চিক ৰাশি ফলাফল
আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক ,কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হব আপুনি শান্ত হৈ থাকক । মনত ৰাখিব সংবেদশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহতক অনুভৱ কৰিব দিয়ক যে আপুনি সচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। অধিক যাত্ৰাই আপোনাৰ ৰোমাণ্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে। আজিৰ দিনটো আপুনি নিজৰ ব্যক্তিত্ব ভাল কৰাত ব্যতিত কৰিব পাৰে, এনেই বহি থকাতকৈ এনেকুৱা কাম কৰাটো বেছি ভাল।

 

ধনু ৰাশি ফলাফল
আজিৰ দিনটোত এনেকুৱা কাম কৰাৰ প্ৰয়োজন ,যি কৰিলে আপোনাৰ স্বাস্থ্যত ভাল পৰিৱৰ্তন আহিব। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । আপুনি সৰু লৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিচু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব । আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব । আপোনাৰ বন্ধু আপোনাৰ লগা সময়ত কামত নাহে ,এই অভিযোগ আজি আপোনাৰ হ’ব পাৰে।

 

মকৰ ৰাশি ফলাফল
আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব যি এই মূহুৰ্তত আপোনাৰ লগত নাই। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। আপোনাৰ প্ৰিয়জনৰ লগত চিনেমা চালে আপোনাৰ দিন আমেজেৰে অতিবাহিত হব।

 

কুম্ভ ৰাশি ফলাফল
আপোনাৰ বেপৰোৱা আৰু জেদী স্বভাৱক নিয়ন্ত্ৰণত ৰাখক ,বিশেষকৈ কোনোবা পাৰ্টীত চম্ভালি থাকক। কাৰণ এনেকুৱা হ’লে তাত পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব পাৰে। আপুনি এনেেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে -কিন্তু আজি আপুনি নিজৰ খৰচ সমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। অনাকাংক্ষিত ভাৱে হোৱা ৰোমাণ্টিক সাক্ষাৎকাৰে আপোনাক দদুল্যমান অৱস্থাত পেলাব পাৰে। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰন দেখিবলৈ পাব। গ্ৰহই আজি ধাৰ্মিক কাম -কাজ যেনে মন্দিৰত যোৱা ,দান-বৰঙনি আগ বঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব ।

 

মীন ৰাশি ফলাফল
আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হব যাৰ ফলত আৰ্থিক সমস্যতো নিশ্চয় হব কিন্তু আজিৰ এই খৰচে আপোনাক ভৱিষ্যতত হবলগা সমস্যাৰ পৰা ৰেহাই দিব। ঘৰত কাকো যাতে আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আজি আপুনি অলপ সচেতন থাকক আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজন হিচাপে নিজকে ঢাল খুৱাওক। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হব পাৰে। আজি বন্ধুগণৰ লগত দেখা হব পাৰে কিন্তু সেইখিনি সময়ত আপুনি মাদ্যদ্ৰব্য সেৱনৰ পৰা দুৰত থকাটোয়ে ভাল নহলৰ সময়ৰ অপচয় হব পাৰে। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱা কৰিব বাবে বহুত সময় পাব আপুনি ,কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments