মেষ ৰাশি ফলাফল
আজিৰ দিনটো আপোনাৰ বাবে উৰ্জা সমৃদ্ধ হব আৰু আপুনি সৰু সৰু কথাত সোনকালে অস্তিৰ হৈ পৰিব। দিনৰ আৰম্ভণি যদিও ভাল ভাৱে হব কিন্তু গধূলিৰ পিনে আপোনাৰ ধন খৰচ হব পাৰে আৰু যিটো কথাই আপোনাক অশান্তি দিব পাৰে। ঘৰত সংবেদনশীল বিষয় সমূহক সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিদীপ্ততাৰ প্ৰয়োগ কৰিব লাগিব পাৰে। ৰোমাাঞ্চৰ ফালেদি চাব গ’লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰী আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে।আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে।। আপুনি অথবা আপোনাৰ জীৱন সংগী আজি বিচনাত দুখ পাব
বৃষ ৰাশি ফলাফল
আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। আপুনি এনেেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে -কিন্তু আজি আপুনি নিজৰ খৰচ সমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হব পাৰে। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া আছিল আজি সিহতঁৰ কোনোবা বিশেষ মানুহৰ লগত ভেট হব পাৰে অৱশ্যে কথা আগবঢ়োৱাৰ আগত এইটো নিশ্চয় জানি লব যে তেখেত যাতে আগৰ পৰা বেলেগৰ লগত কোনো প্ৰেম জনিত সম্বন্ধৰ লগত জড়িত নহয়। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপোনাৰ জীৱন লগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে। দিবা সপোন দেখা ইমান এটা বেয়া কাম নহয়, ইয়ে আপোনাক কিছুমান ধুনীয়া আইডিয়াও প্ৰদান কৰিব আৰু আজি আপুনি এই কাম ভালকৈ কৰিব পাৰিব কাৰণ আজি আপোনাৰ সময়ৰ অভাৱ নহ’ব।
মিথুন ৰাশি ফলাফল
আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক ,কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হব আপুনি শান্ত হৈ থাকক । মনত ৰাখিব সংবেদশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহতক অনুভৱ কৰিব দিয়ক যে আপুনি সচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। আজি আপুনি প্ৰিয়জনৰ প্ৰেমত সম্পূৰ্ণতা অনুভৱ কৰিব।এই বাবে আজি আপোনাৰ দিন বহুত ধুনীয়া হব। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। আজি আপুনি প্ৰেমত ইমানেই আত্ম সন্তুষ্টতা লাভ কৰিব যে গোলাপ ফুল বোৰ অধিক ৰঙা দেখিব আৰু বেঙুনীয়া খিনিক অধিক বেঙুনীয়া দেখিব। আপোনাৰ পৰিয়ালৰ লগত আপুনি আজি বহুত ঠাইত ফুৰিব যাব পাৰে ,আপোনাক লগত লোৱা হৈছে ঠিকেই কিন্তু আপোনাৰ ফুৰাত অকণো আগ্ৰহ নাই কিন্তু পিছত গৈ আপুনি ইয়াৰ ভৰপুৰ আমেজ লব ।
কৰ্কট ৰাশি ফলাফল
জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষা সমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক,মানসিক অৰু শাৰীৰিক ভাৱে আপোনাক মন আৰু মগজুক অধিক শক্তিশালী কৰক। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাস ৰ মুহুৰ্ত লৈ আহিব। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত অতিবাহিত কৰিব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। পৰিয়ালৰ লগত যিকোনো শ্বপিং ম’ল ত যোৱাৰ সম্ভাৱনা আছে, অৱশ্যে ইয়াৰ ফলত আপোনাৰ খৰচ হব পাৰে।
সিংহ ৰাশি ফলাফল
জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভুতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক ,অহেতুক চিন্তা কৰিবলৈ এৰটো ইয়াৰ প্ৰথম পদক্ষেপ। পইচাৰ নাটনিয়ে আজি ঘৰত কলহৰ সৃষ্টি কৰিব পাৰে এনেকুৱা স্থিতিত ঘৰ ৰ মানুহৰ লগত বিচাৰ বেবচনাৰে কথা পাতিব আৰু সিহতঁৰ পৰা পৰামৰ্শ লওক। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ স্বীকাৰ হব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধুলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই ,এই কথাক বহুত গভীৰ ভাৱে আপুনি হৃদয়ংগম কৰিব। আজি বন্ধুগণৰ লগত দেখা হব পাৰে কিন্তু সেইখিনি সময়ত আপুনি মাদ্যদ্ৰব্য সেৱনৰ পৰা দুৰত থকাটোয়ে ভাল নহলৰ সময়ৰ অপচয় হব পাৰে। সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয় আৰু আপোনাৰ জীৱন সংগী আজি এই কথা প্ৰমাণ কৰিব। আজি আপোনাৰ সৃজনশীলতাক বঢ়োৱাৰ বাবে আটাইতকৈ ভাল দিন , কিছুমান এনেকুৱা চিন্তা ধাৰা আহিব পাৰে যিবোৰ সচাঁকৈয়ে ধুনীয়া আৰু বহুত গঠন মূলক হব।
কন্যা ৰাশি ফলাফল
কিছুদিনৰ পৰা হৈ থকা ঘটনা বোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব, শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগ আপোনাৰ বাবে লাভজনক হব। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব,কিন্তু পইচাক পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনা সমূহত বাধা আহি পাব পাৰে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। আপুনি সেইবোৰ মানুহক আজি সহায়ৰ হাত আগ বঢ়াব যিবোৰ মানুহ আপোনাৰ পৰা সহায় সহযোগ বিচাৰিব। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণ বোৰ সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব। এই সপ্তাহত আপুনি বহুত কিবাকিবি কৰিব বিচাৰিব পাৰে ,কিন্তু যদি আপুনি কাম বোৰ পেলাই থয় তেন্তে নিজকে বেয়া লাগিবলৈ আৰম্ভ কৰিব।
তুলা ৰাশি ফলাফল
নিজৰ ধৈৰ্য নেহেৰুৱাব ,বিশেষকৈ বেয়া পৰিস্থিতিত জটিল পৰিস্থিত। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপাণ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক , এইবোৰে আপোনাৰ শাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিক ভাবে দূৰ্বলো কৰি তোলে। পাৰিবাৰিক সমস্যা সমূহক প্ৰাধান্য তথা প্ৰাথমিকতা দিয়ক।এই বিষয়ে কোনো কথা বতৰা পাতক, কাৰণ এবাৰ যদি এই বিষয়ে সমাধান উলিয়াই তেন্তে আপোনাৰ জীৱন বহুত সহজ হৈ পৰিঅব আৰু পৰিয়ালৰ লোক সমূহক প্ৰভাৱিত কৰিবলৈ অপুনি একো কঠিনতা লাভ নকৰিব। আজি আপুনি প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। এই ৰাশিৰ লোকসকল বহুত কৌতুহলদ্দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায় কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আত্মীয়ৰ বাবে জীৱন সংগীৰ লগত বাদ-বিবাদ হব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হৈ যাব। আপোনাৰ ক্থাত গুৰুত্ব নিদিয়া বাবে আজি আপুনি ঘৰৰ মানুহখিনিৰ ওপৰত খং কৰিব পাৰে।
বৃশ্চিক ৰাশি ফলাফল
গৰ্ভৱতী মহিলা সমুহ ঘুৰা-ফুৰা সময়ত অলপ বেছি সাৱধান হোৱা দৰকাৰ ,যদি সম্ভৱপৰ হয় ধুম্ৰপান কৰা লোকৰ পৰা দূৰত থাকক,কাৰণ ইয়াৰ ফলত হোৱা ধোৱাই আপোনাৰ সন্তানক অপকাৰ কৰিব পাৰে। আপোনাৰ কমিশ্বন , লাভাংশ আৰু ৰোয়েল্টী ৰ পৰা আৰ্থিক লাভ হব পাৰে। কিছুমান লোক আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে ,সিহতক ভ্ৰূক্ষেপ নকৰিব। আপোনাৰ পৰপ্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব ,তেহেতক কিবা ধুনীয়া এক বস্তু চাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। সমালোচনা আৰু অপবাদ ইত্যাদি দিয়াৰ বা কৰাৰ পৰা বিৰত থাকক। আপোনাৰ আৰু জীৱন সংগীৰ মাজত বিশ্বাসৰ এক দূৰ্বলতা আহিব পাৰে ,যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হব পাৰে। আপোনাৰ জীৱন সংগী ৰ লগত কেণ্ডেল লাইট ডিনাৰ কৰাৰ সম্ভাৱনা আছে,আপোনাৰ সপ্তাহৰ গোটেই ভাগৰ দূৰ হব পাৰে।
ধনু ৰাশি ফলাফল
সুস্থ শৰীৰৰ বাবে বহুত দূৰলৈ খোজ কাঢ়ি ফুৰক। দীৰ্ঘবধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহুৰ্ত অতিবাহিত কৰক। আপোনাৰ পৰিয়ালৰ লগত ৰুক্ষ ব্যৱহাৰ নকৰিব ,এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভঙ্গ কৰিব পাৰে। এই ব্যস্ত ভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল । আজি আপুনি বিনা কাৰণত কিছুলোকৰ লগত তৰ্কা তৰ্কি লাগিব পাৰে। এইটোৱে আপোনাৰ মনতো বেয়া কৰিবই লগতে আপোনাৰ মূল্যৱান সময়ো বৰবাদ হৈ যাব। আপুনি নিজৰ জীৱন সংগীগ্ৰ লগত কিছু ৰোমাঞ্চকৰ কাম কৰিব পাৰে। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই ,এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমাস্পদক ক’ব লাগে যাৰ ফলত তেখেতৰ আপোনাৰ বিশ্বাস গভীৰ হব লগতে প্ৰেমত এক নতুনত্ব প্ৰাপ্ত হ’ব।
মকৰ ৰাশি ফলাফল
আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপোনাাৰ বন্ধুৰ উদাৰ ভাৱৰ ভুল ব্যৱহাৰ নকৰিব। অন্যক সুখ দি আপুনি নিজৰ পূৰণি ভুল সমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাক সকলোধৰণৰ ভাল অনুভুতি বোৰ দেখুৱাব, আজি তেখেতে আপোনাক বহুত মৰম দেখুৱাব অতীতত হোৱা সকলো ঘটনাৰ পৰিৱৰ্তে। স্বাস্থ্যক অৱহেলা কৰা বাবে আজি আপুনি বহুত চিন্তিত থাকিব পাৰে, আৰু সেয়ে বেছি সময় ৰৈ নাথাকি যিমান পাৰে সোনকালে চিকিৎসকৰ ওচৰ চাপক আৰু নিজকে পৰীক্ষা কৰাওক।
কুম্ভ ৰাশি ফলাফল
আজি এটা সুখৰ দিন, আজি আপোনাৰ প্ৰত্যেকটো কাম আপোনাৰ মতে হ’ব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। প্ৰেমৰ ফালেদি আজি দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। আপোনাৰ জীৱন সংগীৰ আব্দাৰ বোৰে আপোনাক আশান্তি প্ৰদান কৰিব পাৰে। ব্যৱসায়ীসকল নিজৰ ৰৈ থকা যোজনা সমূহ আকৌ আৰম্ভ কৰিবৰ বাবে চিন্তা কৰা উচিত।
মীন ৰাশি ফলাফল
মানসিক ভাৱে আজি আপুনি অস্থিৰ থাকিবসেইবাবে অন্যৰ আগত ব্যৱহাৰ কৰোতে আৰু কথা পতোতে সজাগ থাকিব। আজি আপুনি মাটি ,ৰিয়েল এষ্টেট অথবা সাংস্কৃতিক পৰিযোজনা সমূহত ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। ঘৰুৱা কাম-কাজত আপুনি অধিক ব্যস্ত থাকিব। আপোনাৰ প্ৰেমাস্পদ আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ত্ব দিব ফলস্বৰূপে আপুনি অলপ বিৰক্ত হব পাৰে। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে কিন্তু ফিল্ম খন আপোনাৰ মনপুত নহব যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ’ব। আপোনাৰ জীৱন লগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে। প্ৰেমৰ সম্বন্ধ শক্তিশালী কৰিবৰ বাবে আজি আপুনি নিজৰ পাৰ্টনাৰক বিয়াৰ প্ৰস্তাৱ দিব পাৰে।
