তিনিচুকীয়া, ২ছেপ্তেম্বৰ: তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত হাতীমাৰা চাহ বাগিচাত চৰকাৰে প্ৰদান কৰা
এম’বোলেঞ্চ উপযুক্ত সময়ত বাগানৰ মেনেজাৰ বিভূতি নাৰায়ন মিশ্ৰইয়ে হতিমাৰা ইটা ভাতা লাইনৰ এগৰাকী ৰোগীক চিকিৎসাৰ বাবে তেজৰ প্ৰয়োজন হোৱাৰ বাবে বাগানৰ শ্ৰমিক এ তৎকালীন ভাবে বাগানৰ গাড়ী বিচাৰিব যোৱাত বাগিছাৰ মেনেজাৰ বিভূতি নাৰায়ন মিশ্ৰাইয়ে গাড়ী দিব নোৱাৰা ফলত সময় মতে চিকিৎসা নোপোৱা ফলত যোৱা শনিবাৰে হেমন্তি মানকি নামৰ মহিলা গৰাকী মৃত্যুক সাৱটি লয়,হাতীমাৰা চাহ বাগিচাৰ শ্ৰমিক ৰাইজে উত্তাপ্ত পৰিস্থিতি গঢ়ি তোলাৰ ফলত বৰডুবি আৰক্ষী আৰু তিনিচুকীয়াৰ সদৰ থানা আৰক্ষী মুতায়ন কৰা পৰিলক্ষিত হয়, জানিব পৰা মতে হাতীমাৰা চাহ বাগিচাৰ মেনেজাৰ বিভূতি নাৰায়ন মিশ্ৰায়ে বিভিন্ন সময়ত চাহ শ্ৰমিক সকলক হাৰাহাস্তি কৰা অভিযোগ উত্থাপন হৈ আহিছে অৱশেষত ঘটনা স্থলিত তিনিচুকীয়াৰ মেজিষ্ট্ৰেট উপস্থিত হৈ বুজ লৈ লগতে ৰাইজে এখনি ইছমাৰক পত্ৰ প্ৰদান কৰে । লগতে মেজিষ্ট্ৰেট গৰাকীয়ে শ্ৰমিক ৰাইজক প্ৰতিশ্ৰুতি দিয়ে যে উপযুক্ত তদন্ত কৰা পাছত দুখিক উপযুক্ত শাস্তি দিয়াৰ কথাও শ্ৰমিক ৰাইজৰ আগত অৱগত কৰে।