গহপুৰ, ৩ছেপ্তেম্বৰ: আজি বিহালীৰ বাঘমাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই চৰকাৰী কাৰ্যসূচীৰে চতিয়া ,বিশ্বনাথ,বিহালীত প্ৰৱেশ কৰাৰ আগমূহুৰ্তত বিহালী উপ নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰত্যাশী যুৱনেতা জয়ন্ত বৰাক বিজেপি প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হয় ৷
বিজেপি যুৱ নেতা-কৰ্মী সকলে সামুহীকভাৱে মুণ্ডন কৰি জয়ন্ত বৰাৰ প্ৰাৰ্থীত্ব দাবী কৰাৰ লগতে শোণিতপুৰৰ সাংসদ তথা বিহালীৰ প্ৰাক্তণ বিধায়ক ৰঞ্জিত দত্তৰ বিৰূদ্ধে সোচ্ছাৰ হৈ পৰে প্ৰতিবাদকাৰী সকল৷ সমান্তৰালভাৱে বিহালীৰ বিধায়ক তথা সাংসদ ৰঞ্জিত দত্তৰ দ্বাপা প্ৰক্ষেপিত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ প্ৰাৰ্থীত্ব বিৰোধিতা কৰে৷
বিহালীৰ বাঘমাৰী বিজেপি জিন্দাৱাদ , মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জিন্দাৱাদ ,ৰঞ্জিত দত্ত জিন্দাৱাদ ,জয়ন্ত বৰা জিন্দাৱাদ ধ্বন্নিৰে পৰিৱেশ উত্তাল কৰে৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বিহালী বিধান সভা সমষ্টিত ভৰি দিয়াৰ পূৰ্বেই বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী যুৱনেতা জয়ন্ত বৰাক প্ৰাৰ্থীত্ব দিৱলৈ দাবী জনাই এইদৰে মুণ্ডন কৰে সমৰ্থক সকলে৷ বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী যুৱনেতা জয়ন্ত বৰাক বিজেপি দলে প্ৰাৰ্থীত্ব নিদি বিশ্বনাথ জিলা বিজেপি সভাপতি দিগন্ত ঘাটোৱাৰক প্ৰাৰ্থীত্ব দিলে বিহালী দ্বিতীয় যোৰহাট হ’ব হুংকাৰ দিয়ে৷