ডিজিটেল ডেস্ক, ৬ছেপ্তেম্বৰ: চুমি বৰাৰ সৈতে যতীন বৰাৰ কি সম্পৰ্ক? কেনেকৈ চিনি পাইছিল চুমিক?
শনিবাৰে এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰে অভিনেতা যতীন বৰাই। ফেচবুকযোগে দিয়া স্পষ্টীকৰণটোত যতীন বৰাই কয়, ‘চুমি বৰাৰ লগত মোৰ সম্পৰ্ক সম্পূৰ্ণ পেছাদাৰী। ডিব্ৰুগড়ৰ এখন বিহু অনুষ্ঠানত মই সপত্নীক চুমি বৰাক (Sumi Borah) এগৰাকী নৃত্যশিল্পী হিচাপে প্ৰথম দেখা পাইছিলোঁ। সেই সময়ত আমাৰ চিনেমা ‘ৰাঘৱ’ৰ কাৰণে নতুন মুখ বিচাৰি আছিলোঁ আৰু সেইবাবেই চুমি বৰাক নিৰ্দিষ্ট সেই চৰিত্ৰটোৰ কাৰণে পৰ্যাপ্ত পাৰিশ্ৰমিকৰ বিনিময়ত চুক্তিবদ্ধ কৰিছিলোঁ আৰু তেওঁ অভিনয়ৰ বাবত নিজৰ পাৰিশ্ৰমিক লাভ কৰিছিল।
বিশাল ফুকনক শ্বুটিঙৰ সময়ত চুমি বৰাৰ ভায়েক হিচাপেই দেখিছিলোঁ। সিমানেই। তাৰ বাহিৰে ‘ৰাঘৱ’ত কোনো বিশাল ফুকন, চুমি বৰাৰ ধন বিনিয়োগৰ প্ৰশ্নই নাহে। ‘ৰাঘৱ’ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰযোজনাৰ সকলো নথি-পত্ৰ মোৰ হাতত মজুত আছে। প্ৰয়োজনত সংশ্লিষ্ট কৰ্তৃপক্ষক দেখুৱাব পাৰিম।’
তেওঁ লগতে কয়, ‘যিহেতু চুমি বৰাই চিনেমাখনত অভিনয় কৰিছিল আৰু প্ৰচাৰৰ সময়তো তেওঁ আমাৰ সৈতে অসমৰ বিভিন্ন স্থানলৈ গৈছিল। সেই সূত্ৰেই তেওঁ তেওঁৰ বিয়ালৈ আমাক নিমন্ত্ৰণ দিছিল আৰু আমি গৈছিলোঁ। তাতকৈ অধিক একো সম্পৰ্কয়ে নাই। কাৰোবাৰ বিয়া খাবলৈ যোৱা বা আন অনুষ্ঠানলৈ যোৱা মানেই তেওঁৰ ব্যৱসায়ত ধন বিনিয়োগ কৰাটো নুবুজায়। একাংশ সংবাদ মাধ্যমে যিদৰে ট্ৰেডিঙত মই ধন বিনিয়োগ কৰা আৰু ‘ৰাঘৱ’ত তেওঁলোকে ধন বিনিয়োগ কৰা বুলি উল্লেখ কৰিছে, সেয়া গোকাট মিছা কথা।’
‘আজি অতবছৰে অভিনয়ৰ ক্ষেত্ৰত কষ্ট কৰি আছোঁ আৰু এতিয়াও ভ্ৰাম্যমাণ থিয়েটাৰত কষ্ট কৰিয়েই আছোঁ। ৰাইজৰ মৰমো পাইছোঁ। কিন্তু এনেকৈ বাৰে বাৰে মোৰ নামটো ব্যৱহাৰ কৰা দেখি মই মানসিকভাৱে যথেষ্ট কষ্ট পাইছোঁ। এইক্ষেত্ৰত কোনো ধৰণে মোক সাঙুৰি মোক অশান্তি নিদিবলৈ সকলো পক্ষকে আহ্বান জনালোঁ।
লগতে কোনো সংবাদ মাধ্যমেও এইক্ষেত্ৰত মোৰ মন্তব্য লোৱাৰ বাবে মোৰ সৈতে যোগাযোগ নকৰিবলৈ অনুৰোধ জনালোঁ। যিটো বিষয়ত মই কোনো প্ৰকাৰে জৰিতয়ে নহয় সেইটো বিষয়ত বাগাড়ম্বৰ কৰাত আগ্ৰহীও নহয়। গতিকে মোক শান্তিত অভিনয় কৰি অসমৰ ৰাইজে মোৰ পৰা বিচৰাখিনি আগবঢ়াই দিবলৈ মোক সুস্থিৰভাৱে আৰু সুন্দৰভাৱে কাম কৰিবলৈ দিয়ক। ধন্যবাদ।’