Wednesday, March 11, 2026
Homeঅসমসোণাপুৰৰ কচুতলীত গুলিচালনাৰ ঘটনা।

সোণাপুৰৰ কচুতলীত গুলিচালনাৰ ঘটনা।

সোণাপুৰ, ১২ছেপ্তেম্বৰ:  সোণাপুৰৰ কচুতলীত গুলিচালনাৰ ঘটনা। উচ্ছেদিত‌ই লাঠী-জোং লৈ আক্ৰমণ কৰিলে আৰক্ষী প্ৰশাসনৰ লোকক। ভাঙিলে আৰক্ষীৰ বাহন৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ-অৰ্ধ সামৰিক বাহিনীৰ শূণ্যলৈ গুলীচালনা।

উচ্ছেদিতৰ ৰুদ্ৰ ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হ’ল আৰক্ষী প্ৰশাসনৰ লোক৷ বিগত চাৰিদিন ধৰি সোণাপুৰৰ কচুতলীত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিছিল উচ্ছেদ অভিযান৷ প্ৰথম তিনিদিন শান্তিপূৰ্ণভাৱে উচ্ছেদ চলা বাবে বিশাল বাহিনী লৈ প্ৰৱেশ কৰা নাছিল প্ৰশাসনৰ লোক।

কথমপি প্ৰাণ ৰক্ষা প্ৰশাসনিক কেইবাগৰাকীও বিষয়াৰ। আহত হৈছে সোণাপুৰ ৰাজহ চক্ৰ বিষয়া৷ সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনা।

সোণাপুৰত উচ্ছেদস্থলীত আৰক্ষীক আক্ৰমণ হাজাৰ হাজাৰ অবৈধ সংখ্যালঘু দখলকাৰীৰ। আৰক্ষীৰে সংঘৰ্ষত নিহত ২ বেদখলকাৰী। আহত হৈছে ৰাজহ চক্ৰ বিষয়া DCP EAST, সোণাপুৰ থানাৰ OCকে ধৰি ৫০ গৰাকীৰো অধিক লোক

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments