ডিজিটেল ডেস্ক, ১২ছেপ্তেম্বৰ: অৱশেষত আৰক্ষীৰ জালত পৰিল চুমি বৰা আৰু তাৰ্কিক বৰা। লুকাই থাকিয়েই আত্মসমৰ্পণৰ বাবে চেষ্টা কৰিছিল যদিও সফল নহ’ল চুমি আৰু তাৰ্কিক।আৰক্ষীৰ জিম্মাত থাকিব নিবিচৰা চুমিয়েই ৫ দিনলৈ আৰক্ষীৰ জিম্মাতে থাকিব লাগিব।
ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ৷ চুমি বৰাৰ বিৰুদ্ধে আৰক্ষীক ১০৩ জন লোকে প্ৰদান কৰিছে ভাষ্য৷
