Wednesday, March 11, 2026
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল
পৰিবাৰৰ কিছুমান সদস্য নিজৰ হিংসুক প্ৰবৃতিৰ বাবে আপোনাক অসুবিধা দিব পাৰে।কিন্তু আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰখা শিকক,নহ’লে অৱস্থা তথৈবচ হব পাৰে।মনত ৰাখিব যে যাক ভাল কৰিব নোৱাৰি ,সেইটো স্বীকাৰ কৰি লোৱাই ভাল। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীবন ভালে যাব , আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হব। আপুনি ধৈৰ্য আৰু কষ্ট ৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হব পাৰিব। খালী সময়ৰ সদ্ব্যৱহাৰ হব লাগে কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব, আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। আজি আপুনি আৰু আপোনাৰ লগৰী প্ৰেম আৰু ভাল পোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব।

 

বৃষ ৰাশি ফলাফল
বহুত বেছি চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য বেয়াৰ পিনে ঠেলি দিব পাৰে। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হব। পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহব । আজি ঘৰত কিবা সৰু কথালৈ কাজিয়া হব পাৰে এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰন ৰাখিব। প্ৰেমত যে গভীৰতা বহুত সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক বহুত মৰম কৰিব। গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আপোনাৰ সংগী যিকোনো ধুনীয়া চাৰপ্ৰাইজ এটা দি আপোনাৰ দিন ভাল কৰি দিব পাৰে।

 

মিথুন ৰাশি ফলাফল
মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধু বৰ্গৰ লগত অতিবাহিত কৰক। যিসকল লোক দুগ্ধ উদ্যোগ ৰ লগত জড়িত সিহতৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ অহা এক সংবাদে আপোনাৰ লগতে গোটেই পৰিয়ালক ৰোমাঞ্চিত কৰি তুলিব। প্ৰেমৰ কোনো সীমনা নাই, ই সকলো সীমাতকৈ উৰ্ধত; আপুনি এই কথা আগতে শুনিছিল চাগে, কিন্তু আজি সেই দিন যেতিয়া আপুনি বিচাৰিলে এই ভাৱনা সমূহ অনুভৱ কৰিব পাৰে। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হব, মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি লব। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে । কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হব পাৰে। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয় ,কিন্তু আপোনাৰ আজি অনুভৱ হব যে বিয়াৰ পিছত প্ৰেম প্ৰকৃততে সম্ভৱ।

 

কৰ্কট ৰাশি ফলাফল
মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত, তেতিয়াহে সৰ্বাংগীন বিকাস সম্ভৱ । মনত ৰাখিব সুস্থ চিন্ত ধাৰা অকল সুস্থ শৰীৰতহে নিবাস কৰে। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। সন্ধিয়াৰ সময়ত আপোনাৰ ৰ লগত জীৱন সংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। ৰোমাঞ্চৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব -কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবে থাকিব। অফিচৰ দিশে চালে আজি আপোনাৰ দিন ভাল যাব। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভুতি বোৰ প্ৰকাশ কৰিব পাৰিব। এই দিনটো আপোনাক আপোনাৰ জীৱন সংগীৰ এক অসাধাৰণ দিশ দেখুৱাব।

 

সিংহ ৰাশি ফলাফল
কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হব লাগিব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। বিনা কাৰণৰ সন্দেহ সম্বন্ধ বেয়া কৰাত অৰিহনা যোগায়। আপোনাকো আপোনাৰ প্ৰেমাস্পদৰ ওপৰত সন্দেহ কৰিব নালাগে। যদি কিবা কথালৈ আপোনাৰ মনত তেখেতক লৈ সংশয় হৈছে তেন্তে তেখেতৰ লগত বহি এই কথা সমাধান কৰিব চেষ্টা কৰিব। আপুনি ভাৱি থকাতকৈ আপোনাৰ জীৱনত এনেকুৱা বহুত ঘটনা ঘটিছে যিবোৰ আপুনি কল্পনাও কৰা নাছিল। আহিবলগা দিন বোৰত আপোনাৰ হাতত বহুত এনে ভাল সুযোগ আহিব। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। ভাল কমিউনিকেশ্বন নোহোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হব পাৰে,কিন্তু মিলি-জুলি বহি কথা পাতিলে বিষয় বস্তুবোৰ ঠিক হব পাৰে।

 

কন্যা ৰাশি ফলাফল
কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল’ব পাৰে।আপুনি নিজৰ আদৰ্শ জলাঞ্জলী দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভূগিছে কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। বেলেগৰ লগত ভাল ভাৱে ব্যৱহাৰ কৰক ,বিশেষকৈ সিহঁতৰ লগত জনে আপোনাক বহুত ভাল পায় আৰু আপোনাৰ প্ৰতি পদতে যত্ন লয়। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান-সন্মান শেষ কৰি দিব পাৰে। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনিয়ে আজি ৰাজত্ব কৰিব। আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব।কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱা বাবে আপুনি আৰু সময় নাপাব। বৈবাহিক জীৱনৰ কিছুমান দায় দোষ থাকি যায় , আজি আপুনি এইবোৰৰ সন্মুখীন হব পাৰে।

 

তুলা ৰাশি ফলাফল
আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। আপুোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। যদি প্ৰেমাস্পদক জীৱন্ সংগীৰূপে পাব বিচাৰে তেন্তে আজিয়ে তেখেতেৰ লগত এই বিষয়ে কথা পাতক। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয়। যিবিলাক লোক এতিয়ালৈ বেকাৰ হৈ আছে সিহতে আজি ভাল চাকৰি পাবলৈ আজিৰ পৰা দুগুণ কষ্ট কৰিবৰ দৰকাৰ। কষ্ট কৰাৰ ফল এদিন নিশ্চয় পাব। অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন । আপোনাৰ মৰম আৰু ভাল পোৱা -আপোনাৰ জীৱন লগৰী আপোনাক বহুত ভাল উপহাৰ দিব পাৰে।

 

বৃশ্চিক ৰাশি ফলাফল
আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। কোনোবা আপোনৰ লগত কথা বতৰা কমি যোৱাৰ বাবে আপুনি মনত বহুত দুখ পাব পাৰে। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে, কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক নহলে আপোনাৰ বদনাম হব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত পাতিব পাৰে। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকতো বেয়া লাগিবই লগতে আপোনাকো বেয়া লাগিব। জীৱন সংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হব পাৰে।

 

ধনু ৰাশি ফলাফল
যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। এনেকুৱা বিষয়ত কথা কোৱাৰ পৰা বিৰত থাকক যাক লৈ প্ৰিয়জনৰ লগত বাদ বিবাদ হব পাৰে। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। দিনত সপোন দেখিলে আপোনাৰ অৱনতি হব পাৰে ,আপুনি নিজৰ কামৰ বাবে বেলেগৰ ওপৰত ভৰষা নকৰিব। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনিসকলোৰ পৰা দুৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হব।

 

মকৰ ৰাশি ফলাফল
আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। আপোনাৰ বভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱন সংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হব। জীৱনৰ আনন্দ ল’ব বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে।যদি আপুনি সমাজৰ পৰা দুৰ হৈ থাকে তেনেতে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। জীৱন সংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰোফেশ্বনাল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে।

 

কুম্ভ ৰাশি ফলাফল
যিকোনো অপ্ৰয়োজনীয় কথাত সময় খৰচ নকৰিব , আনকি আপুনি এইটো ভাল কামত লগাব পাৰে। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেক নিকৰ সহায় লওক ,আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে,যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱা কৰিব বাবে বহুত সময় পাব আপুনি ,কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে।

 

মীন ৰাশি ফলাফল
আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। যদি আপুনি পাৰ্টী কৰাৰ কথা ভাৱি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক ,এনেকুৱা লোক সকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহু গুণে বঢ়াব। আপুনি ৰোমাণ্টিক ভাৱনা আৰু সপোনতে উটি ভাহি থাকিব। আজি আপুনি এটা টীমৰ নেতৃত্ব প্ৰদান কৰাৰ দৰে শক্তিশালী স্থিতিত থাকিব আৰু অক্ষ্যত উপনীত হবলৈ মিলি-জুলি কাম কৰক। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।

 

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments