Thursday, November 7, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ছলমান ৰুশ্বডীক হত্যাৰ চেষ্টা!

ছলমান ৰুশ্বডীক হত্যাৰ চেষ্টা!

নিউজ ডেস্ক: বিশিষ্ট সাহিত্যিক মুক্ত বাক স্বাধীনতাৰ সমৰ্থক ছলমান ৰুশ্বডীক হত্যাৰ চেষ্টা ৷ শুক্ৰবাৰে পুৱা নিউয়ৰ্কৰ চৌথাকা প্ৰতিষ্ঠানৰ এক বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰিছিল বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷ অনুষ্ঠানৰ চিনাকি পৰ্ব চলি থকাৰ মাজতে দৰ্শকৰ মাজৰ পৰা ‘হাদী মাটাৰ’ নামৰ এজন ব্যক্তি মঞ্চলৈ উঠি আহি ৰুশ্বডীক উপৰ্যুপৰি ছুৰিকাঘাত কৰে ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত আছিল ছলমান ৰুশ্বডী ৷‘কাৰ অৱ বুকাৰ্ছ’ বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক ছলমান ৰুশ্বডী তেওঁৰ লিখনিৰ বাবে বিভিন্ন সময়ত সমালোচিত হৈ আহিছে। তেখেতৰ ‘দা ছাটানিক ভাৰ্ছেছ’ নামৰ গ্ৰন্থখনৰ বাবে বিশ্বৰ বিভিন্ন দেশত বিতৰ্কৰ সৃষ্টি হৈছিল ৷ গ্ৰন্থ খনৰ বিৰুদ্ধে ইৰানকে আদি কৰি কেইবাখনো ইছলামিকক ৰাষ্ট্ৰই নিষিদ্ধ ঘোষণা কৰিছিল ৷ ১৯৮০ দশকত ইৰানৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰাৰ পিছৰে পৰা এক প্ৰকাৰে আত্মগোপন কৰি আছিল ছলমান ৰুশ্বডীয়ে ৷ ইৰানৰ ধৰ্মীয় শীৰ্ষনেতা আয়াতুল্লা খোমেইনীয়েও ৰুশ্বডীক হত্যাৰ নিৰ্দেশ দিছিল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments