নিউজ ডেস্ক:১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পিছৰ পৰাই দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ সম্পৰ্কৰ মাজত বৰ্তমানলৈকে কোনো স্থায়ী শান্তি অহা নাই । শেহতীয়াকৈ ২০২০ চনৰ ১৫ জুনত চীনা সৈন্যই লাডাখৰ গালৱান উপত্যকাত ২০ জন ভাৰতীয় সেনা জোৱানক অতি বৰ্বৰ ভাবে হত্যা কৰিছিল । ইয়াৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত শান্তি প্ৰতিষ্ঠাৰ বাবে দুয়োখন দেশৰ সেনাৰ মাজত ক’ৰ কামাণ্ডাৰ পৰ্যায়ত কেইবালানিও বৈঠক অনুষ্ঠিত হয় । ইয়াৰ মাজতে চীনা সৈন্যই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি পাংগং হ্ৰদৰ উত্তৰ প্ৰান্তত , ডিপচাং উপত্যকা সহ কেইবাটাও অঞ্চলত সেনাৰ শিবিৰ পাতিছে । এনে পৰিস্থিতিৰ মাজত দুয়োখন দেশৰ মাজ শান্তি প্ৰতিষ্ঠা কৰাত এক প্ৰকাৰৰ অসম্ভৱ হৈ পৰিছে । ভাৰত-চীনৰ সীমা উত্তেজনাৰ মাজতে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে ভাৰত-চীন সম্পৰ্ক সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে । শুক্ৰবাৰে বাংগালুৰুত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিদেশমন্ত্ৰী গৰাকীয়ে কয় যে , ‘‘ যদি সীমান্তৰ পৰিস্থিতি সম্পূৰ্ণ ভাবে স্বাভাৱিক নহয় , তেন্তে ভাৰত-চীন সম্পৰ্কত কোনো স্থায়ী শান্তি নাহিব । আমি আমাৰ স্থিতিত আছো । যদি চীনে সীমান্তত শান্তি বিঘ্নিত কৰে, ই দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত প্ৰভাৱ পেলাব । সীমান্তৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হ’ব নোৱাৰে।’’