ডিজিটেল ডেস্ক, ANEWS24X7 :বলিউডৰ জনপ্ৰিয় পৰিচালক একতা কাপুৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি।বুধবাৰে বিহাৰৰ বেগুচৰাইৰ এখন আদালতে একতা কাপুৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে।ভাৰতীয় সেনাৰ আৱেগত আঘাত কৰা লগতে পৰিয়ালৰ সদস্যসকলৰ অনুভূতিক আঘাত কৰাৰ অভিযোগত এই নিৰ্দেশনা জাৰি কৰিছে আদালতে । একতা কাপুৰৰ মাতৃ শোভা কাপুৰৰ বিৰুদ্ধেও জাৰি কৰা হৈছে এই নিৰ্দেশনা ।
একতা কাপুৰৰ ৱেব চিৰিজ ‘XXX’ (চিজন-২)ত সৈনিকসকলক অপমান কৰা আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ অনুভূতিক আঘাত কৰাৰ অভিযোগত উত্থাপন কৰি এজন প্ৰাক্তন সৈনিক আৰু বেগুচৰাইৰ বাসিন্দা শম্ভু কুমাৰে গোচৰ ৰুজু কৰিছিল৷এই গোচৰৰ ভিত্তিতে ন্যায়াধীশ বিকাশ কুমাৰৰ আদালতে একতা কাপুৰ আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে ৱাৰেন্ট জাৰি কৰিছে৷
এই সন্দৰ্ভত গুচৰীয়া পক্ষৰ অধিবক্তা হৃষীকেশ পাঠকে কয় যে, ‘‘২০২০ চনত অভিযোগ কৰা হৈছিল যে শৃংখলা ‘XXX’ (চিজন-2)ত এজন সৈনিকৰ পত্নীৰ সৈতে সম্পৰ্কিত কেইবাটাও আপত্তিজনক দৃশ্য দেখুওৱা হৈছিল।এই শৃংখলাটো একতা কাপুৰৰ বালাজী টেলিফিল্মছ লিমিটেডৰ মালিকানাধীন অ’টিটি প্লেটফৰ্ম এএলটিবালাজীত সম্প্ৰচাৰিত হৈছিল।একতা কাপুৰৰ মাতৃ শোভা কাপুৰ বালাজী টেলিফিল্মছৰ সৈতে জড়িত।’’
তেওঁ লগতে কয় যে ,‘‘আদালতে একতা কাপুৰক চমন জাৰি কৰিছিল আৰু বিষয়টোৰ সন্দৰ্ভত আদালতত হাজিৰ হ’বলৈ কোৱা হৈছিল ৷ অৱশ্যে একতা কাপুৰে আদালতক জনাইছিল যে আপত্তিৰ পিছত শৃংখলাটোৰ কিছুমান দৃশ্য আঁতৰোৱা হৈছিল। কিন্তু তেওঁলোক আদালতত হাজিৰ হোৱা নাছিল যাৰ ফলতে তেওঁলোকৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছে ৷’’