Tuesday, July 8, 2025
Homeসাংস্কৃতিকনৱৰাত্ৰিত কোন কোন দেৱীক পূজা কৰা হয় ?

নৱৰাত্ৰিত কোন কোন দেৱীক পূজা কৰা হয় ?

ডিজিটেল ডেস্ক, ANEWS24X7: মহালয়া সমাপ্ত হোৱাৰ পিছৰে পৰা আৰম্ভ হয় দেৱী পক্ষ ৷ শুক্ল পক্ষৰ প্ৰতিপদৰ পৰা নৱমীলৈকে ন ৰাতিত ন টা প্ৰকাৰৰ দুৰ্গা পূজা কৰা হয় ৷

প্ৰতিপদৰ পৰা নৱমীলৈকে ন ৰাতিত দুৰ্গাৰ ন শক্তিৰ পূজাক নৱৰাত্ৰি বুলি কোৱা হয় ৷ইয়াক শৰদ নৱৰাত্ৰি বুলিও কোৱা হয় ৷ কিয়নো এই উৎসৱ শৰৎকালত অনুষ্ঠিত হয়৷নৱৰাত্ৰিৰ এই পূজা দশমীত শেষ হয় ৷এই নৱৰাত্ৰি আকৌ এবাৰ বসন্ত কালত বাসন্তী পূজা হিচাপে পালন কৰা হয় ৷

পুৰাণৰ মতে ত্ৰেতাযুগত ভগৱান ৰামচন্দ্ৰই বসন্ত কালৰ পৰিবৰ্তে শৰৎকালতে দুৰ্গা পূজা কৰিছিল৷ভগৱান ৰামচন্দ্ৰয় শৰৎকালত দুৰ্গা পূজা আয়োজন কৰা বাবে এই পূজাক শাৰদীয় পূজা বুলি কোৱা হয়৷ইয়াৰ পিছৰে পৰা শাৰদীয় দুৰ্গা পূজা আয়োজন কৰা হয়৷ভগৱান ৰামচন্দ্ৰয় ৰাৱন বধৰ বাবে নৱৰাত্ৰি ব্ৰত পালন কৰি দুৰ্গতিনাসিনী দুৰ্গা পূূূূূূূূজা কৰিছিল ৷

আহিন মাহৰ শুক্লা প্ৰতিপাদাৰ পৰা নৱমীলৈ নৱৰাত্ৰি ব্ৰত পালন কৰা হয়।ব্ৰহ্মাই এই নটা ৰূপৰ নাম দুৰ্গা ৰখিছিল। নৱৰাত্ৰিৰ নটা ৰূপৰ নাম হৈছে শৈলপুত্ৰী , ব্ৰহ্মচাৰিণী,চন্দ্ৰঘন্টা,কুশমাণ্ডা,স্পন্দমাতা,কাতয়ানী, কালাৰাত্ৰি,মহাগৌৰী আৰু সিদ্ধিদাত্ৰী ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments