ডিজিটেল ডেস্ক, ANEWS24X7: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়তে অঘটন ৷ জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।জম্মু-কাশ্মীৰৰ আই পি এছ বিষয়া হেমন্ত কুমাৰ লোহিয়াৰ ৰহস্যজনক ভাবে মৃত্যু। সোমবাৰে নিশা জম্মুৰ উদয়ৱালাৰ বাসভৱনত মৃত অৱস্থাত উদ্ধাৰ লোহিয়া কৰা হয়। ডিঙি কাটি হত্যা কৰা হয় জ্যেষ্ঠ আৰক্ষী বিষয়া গৰাকীক৷
হেমন্ত কুমাৰ লোহিয়া জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান (কাৰাগৰ) হিচাপে কৰ্মৰত আছিল ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত আৰক্ষী বিষয়া গৰাকীৰ ঘৰুৱা সহায়ক গৰকীয়ে হত্যা কৰাৰ সন্দেহ কৰিছে৷লোহিয়াৰ মৃত্যুৰ পাছৰে পৰা পলাতক অৱস্থাত আছে বনকৰা লোকজন। আনহাতে পলাতক বনকৰা লোকজনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে ঘটনা সন্দৰ্ভত কয় যে,‘‘ঘৰুৱা সহায়ক জন পলাতক অৱস্থাত আছে ৷ তেওঁৰ বিচাৰি অভিযান আৰম্ভ কৰা হৈছে। ১৯৯২ বেটচৰ আইপিএছ বিষয়া ৫৭ বছৰীয়া লোহিয়াক জম্মুৰ উপকণ্ঠত থকা তেওঁৰ উদয়ৱালা বাসগৃহত ডিঙি কাটি হত্যা কৰিছে।’’