Monday, August 3, 2026
Homeঅসমবানাক্ৰান্ত পৰিয়ালে লাভ কৰিব ১৫ হাজাৰ টকাকৈ অন্তৰ্ৱৰ্তীকালীন সাহায্য

বানাক্ৰান্ত পৰিয়ালে লাভ কৰিব ১৫ হাজাৰ টকাকৈ অন্তৰ্ৱৰ্তীকালীন সাহায্য

উজনিৰ ৪ জিলাৰ বানাক্ৰান্তলৈ ১৫ হাজাৰ টকাকৈ অন্তৰ্ৱৰ্তীকালীন সাহায্য আগবঢ়ালে ৰাজ্য চৰকাৰে। আজি এক সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলী এই বান সাহায্যৰ ধন মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৩ আগষ্টৰ পৰা ৫ আগষ্টলৈকে বিতৰণ কৰা হ’ব এই ধনৰাশি।

১১২ কোটি টকাৰ সাহায্যই সাঙুৰি ল’ব ৭৫,০০০ পৰিয়ালক। বেংক একাউণ্টযোগে লাভ কৰিব এই ধনৰাশি। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব আৰু ১০ হাজাৰকৈ টকা। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্তই লাভ কৰিব এই ধন।
বানপীড়িত ৪ জিলাৰ বানপীড়তলৈ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ সাহায্য প্ৰদান কৰা হ’ব। বানবিধ্বস্ত বিদ্যালয়সমূহলৈ ২ লাখ ১০ হাজাৰ টকাকৈ সাহায্য। মঙলবাৰৰ পৰা বিদ্যালয়ৰ একাউণ্টত প্ৰদান কৰা হ’ব এই সাহায্যৰ ধন। বানবিধ্বস্ত নামঘৰসমূহলৈ ডেৰলাখ টকাৰ সাহায্য ঘোষণা। ৭ আগষ্টৰ পূৰ্বে নামঘৰসমূহত প্ৰদান কৰা হ’ব সাহায্য। শিৱসাগৰ, চৰাইদেউত বিদ্যুতৰ বিল ৰেহাই।
৯ আগষ্টলৈ বান শিবিৰত থকা পৰিয়ালক অতিৰিক্ত সাহায্য প্ৰদান কৰা হ’ব। ১০ আগষ্টৰ ভিতৰত প্ৰদান কৰা হ’ব আৰু ১০ হাজাৰ টকাকৈ। মৃতকৰ পৰিয়ালক আৰু ৫ লাখ টকা দিব চৰকাৰে। পূৰ্বে ৪ লাখ টকা দিয়া হৈছিল মৃত লোকসকলৰ পৰিয়ালক।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments